![]()
নিউজ ডেস্কঃ
বিক্ষোভকাৰী কৃষকসকলে সর্বসম্মতিক্রমে কৃষি আইনসমূহৰ সংশোধনৰ কেন্দ্রৰ লিখিত প্রস্তাৱ প্রত্যাখ্যান কৰিছে আৰু তেওঁলোকৰ প্রতিবাদ বৃদ্ধি কৰিবলৈ বহুবোৰ পৰিকল্পনা ঘোষণা কৰিছে । এই পৰিকল্পনাসমূহৰ ভিতৰত দিল্লী-জয়পুৰ হাইৱে বন্ধ, ৰিলায়েন্স মল বর্জন আৰু টোল প্লাজা দখল অন্তৰ্ভুক্ত কৰা হৈছে । ১৪ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষতে অধিক আন্দোলন হ’ব বুলি জনাইছে তেওঁলোকে ৷ কেন্দ্রই এলানি সংশোধনীৰ কথা উল্লেখ কৰি লিখিত প্রস্তাৱ পঠোৱাৰ পিছত এক বৈঠকৰ যোগেদি এই সিদ্ধান্ত লোৱা হয় এই আইন সম্পূৰ্ণৰূপে বাতিল কৰিবৰ বাবে ৷ যোৱা কালি অমিত শ্বাহৰ সৈতে হোৱা বৈঠকতো কোনো ফল নধৰাত গৃহমন্ত্ৰীজনে আজি কৃষি মন্ত্ৰী নৰেন্দ্ৰ টোমাৰৰ সৈতে দেখা কৰিছে ৷











