![]()
নিউজ ডেস্কঃ
প্ৰকাশ পালে আইচিচিৰ নতুন টি-২০ বেটিং আৰু বলিং ৰেঙ্কিং তালিকা। তালিকাত ভাৰতৰ কেএল ৰাহুলৰ উল্লেখনীয় উত্তৰণ ঘটিছে। বিৰাট কোহলিৰো হৈছে উত্তৰণ।
আজি প্ৰকাশিত আইচিচি টি-২০ বেটিং ৰেঙ্কিং তালিকাত কেএল ৰাহুল তৃতীয় নম্বৰলৈ উঠি আহিছে। তেওঁৰ মুঠ পইণ্ট ৮১৬। আনহাতে, অধিনায়ক বিৰাট কোহলি এটা ৰেংক ওপৰলৈ উঠি ৬৯৭ পইন্ট লৈ অষ্টম স্থানলৈ উঠিছে।
কিন্তু ৰোহিত শর্মাৰ বাবে বেয়া খবৰ দিছে এই ৰেঙ্কিং তালিকাই। কাৰণ আঘাতৰ কাৰণে তেওঁ এই তালিকাৰ পৰা বাহিৰ ওলাবলগা হৈছে। ইয়াৰ পূৰ্বে তেওঁ এই তালিকাত দশম স্থানত আছিল। টি-২০ ফৰমেটত বেটিং ৰেংকিঙত দ্বিতীয় নম্বৰত আছে পাকিস্তানৰ বাবৰ আজম। আনহাতে, ৯১৫ পইণ্ট লৈ ইংলেণ্ডৰ ডেভিড মলান এক নম্বৰত আছে। অষ্ট্ৰেলিয়ান বেটছমেন গ্লেন মেক্সৱেল ৭ নম্বৰ স্থানত আছে। ১০ নম্বৰত ইয়ন মৰগান।
আনহাতে, বলিং ৰেংকিঙত স্থান লাভ কৰা নাই এজনো ভাৰতীয় বলাৰে। এই তালিকাত এক নম্বৰত আছে আফগানিস্তানৰ স্পিনাৰ ৰচিদ খান। তেওঁৰ পইন্ট ৭৩৬। ইয়াৰ উপৰি দ্বিতীয় স্থানত আছে আফগানিস্তানৰেই মুজিবোৰ ৰহমান। তেওঁৰ পইন্ট ৭৩০।
অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ আডাম জাম্পা ৬৮৫ পইন্ট লৈ চতুর্থ স্থানত। ইংলেণ্ডৰ বলাৰ আদিল ৰচিদ তৃতীয় স্থানত আছে।













