![]()
নিউজ ডেস্কঃ
দলৰ ভিতৰভাগতে তুমুল ক্ষোভ। আনকি মুখ্যমন্ত্রীৰ পদৰ পৰাও তেওঁক আঁতৰাব বিচাৰিছে একাংশই। উঠিছে শ্লোগান, ‘বিপ্লৱ হটাও, বিজেপি বচাও’। ইয়াতে দুখ ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ দেৱৰ। জনাইছে, ‘জনাদেশ’ পালেহে থাকিব ক্ষমতাত।
বিপ্লৱে কয়, অহা দেওবাৰে তেওঁ এখন সভা আহ্বান কৰি ৰাজ্যবাসী আৰু তেওঁৰ সমালোচকসকলৰ সৈতে কথা পাতিব। সেই সভাত সকলোৱে যোগ দিব পাৰিব। তাতেই জানিব, আগন্তুক দিনত নিজৰ পদত বহাল থাকিব নে নাই।

মঙ্গলবাৰে আগৰতলাত এখন সংবাদ মেল সম্বোধন কৰি তেওঁ কয়, ‘মই থাকিম নে নাথাকিম, সেইটো আপোনালোকৰ ওপৰত নির্ভৰ কৰিছে। আপোনালোকৰ মতামত জনাওক। দেওবাৰে দুপৰীয়া ২ বজাত বিবেকানন্দ ময়দানত উপস্থিত থাকিব। আপোনালোকৰ মতামত হাইকমাণ্ডক জনাব।’ শ্লোগানত যে তেওঁ দুখ পাইছে, সেই কথাও তেওঁ কয়। তেওঁৰ মতে, ‘হয়তো মোৰ একমাত্র দোষ, মই ৰাজ্যৰ উন্নয়ন কৰিব বিচাৰিছো। নির্বাচিত চৰকাৰৰ প্রধান হিচাবে মোৰ ম্যাদ পাঁচ বছৰ। মই কোনো চৰকাৰী বিষয়া নহয় যে ৩০ বছৰ কাম কৰিম।’
উল্লেখ্য, যোৱা দেওবাৰে ৰাজ্যত বিজেপিৰ নৱনিযুক্ত পর্যবেক্ষক বিনোদ সোনকাৰৰ সৈতে বৈঠকত বহে ত্রিপুৰাৰ নেতাসকল। তেতিয়াই ত্রিপুৰা গেষ্ট হাউছৰ বাহিৰত বিপ্লৱ দেৱৰ বিৰুদ্ধে শ্লোগান আৰম্ভ হয়। খবৰ মতে, বিজেপি বিধায়ক সুদীপ বর্মনৰ সমর্থকসকলেই এই শ্লোগান দিছিল। যোৱা বছৰ জুনত স্বাস্থ্য বিভাগৰ পৰা আঁতৰোৱা হয় হাই প্রফাইল বিজেপি নেতা সুদীপক। তাৰ পিছতেই বিপ্লৱ দেৱৰ সৈতে বিৰোধ তুংগত উঠে।











