![]()
নিউজ ডেস্কঃ
সকলো ধৰণৰ ক্রিকেটৰ পৰা অৱসৰ ঘোষণা পার্থিৱ পটেলৰ। ১৭ বছৰ বয়সত ভাৰতৰ উইকেটকিপাৰ বেটছমেন হিচাপে দায়িত্ব চম্ভালা পার্থিৱ পেটেলে সমাপ্তি ঘটালে তেওঁৰ ১৮ বছৰীয়া ক্রিকেট কেৰিয়াৰ। বুধবাৰে টুইট কৰি এই কথা জনাইছে পাৰ্থিৱ পেটেলে ৷
অৱসৰৰ কথা উল্লেখ কৰি তেওঁ লিখে, ‘আজি, ১৮ বছৰীয়া ক্রিকেট জীৱনৰ ইতি ঘটালো। সকলো ধৰণৰ ক্রিকেটৰ পৰা অৱসৰ লৈছো। ১৭ বছৰ বয়সৰ পৰাই ভাৰতীয় বোৰ্ডে মোৰ ওপৰত ভৰসা দেখুৱাইছে। মোৰ সৈতে থকাৰ বাবে আৰু মোক সহায় কৰাৰ বাবে তেওঁলোকৰ প্রতি মই কৃতজ্ঞ।’
উল্লেখ্য যে ২০০২ চনত সৌৰভ গাংগুলীৰ নেতৃত্বত নটিংহামত ইংলেণ্ডৰ বিৰুদ্ধে অভিষেক ঘটিছিল পার্থিৱ পেটেলৰ। তেওঁৰ ১৮ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত ২৫খন টেষ্ট, ৩৮খন এদিনীয়া আৰু দুখন টি-২০ মেচত অংশগ্ৰহণ কৰিছে। আন্তর্জাতিক ক্রিকেটত কোনো শতক নাই যদিও অৰ্ধ শতক কৰিছে ১০টা। প্রথম শ্রেণীৰ ক্রিকেটত আছে ২৭টি শতক।













