![]()
নিউজ ডেস্কঃ
প্রতিবাদী কৃষক দলসমূহে মঙলবাৰে পুৱা ১১ বজাৰপৰা দুপৰীয়া ৩ বজা পর্যন্ত শান্তিপূর্ণভাৱে ভাৰত বন্ধ পালন কৰে । বন্ধৰ পৰিপ্ৰেক্ষিতত, মহাৰাষ্ট্র, পশ্চিমবঙ্গ, ওড়িশাৰ দৰে ৰাজ্যসমূহত বাওঁপন্থী দলসমূহ আৰু কৃষকসকলৰ বহুকেইটা দলে ট্রেইন চলাচল ব্যাহত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। প্রতিবাদী কৃষকসকলে আজি দিয়া ভাৰত বন্ধত দেশজুৰি বিৰোধী দলসমূহেও সমর্থন আগবঢ়াই বিশাল ৰূপ দিয়াৰ ফলত মঙলবাৰে সম্পূৰ্ণ দেশ স্থবিৰ হৈ পৰে। কেন্দ্রৰ সৈতে একাধিক দফাৰ আলোচনাৰ পিছতো কোনো ফল নিদি চৰকাৰ আৰু কৃষকসকল দুয়ো পক্ষই নিজৰ স্থিতিত অটল হৈ থকাৰ পিছত কৃষকসকলে ভাৰত বন্ধৰ আহ্বান জনাইছিল।
বহু কেইটা ৰাজনৈতিক দল আৰু শ্রমিক ইউনিয়নে ভাৰত বন্ধলৈ সমর্থন আগবঢ়োৱাত দেশব্যাপী এই ধর্মঘটৰ অধিক প্রভাৱ পৰে ৷ সোমবাৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ে সকলো ৰাজ্য/কেন্দ্রশাসিত অঞ্চলসমূহললৈ ভাৰত বন্ধৰ সময়চোৱাত যাতে আইন শৃংখলা বজাই ৰখা যায় আৰু জনসাধাৰণৰ সম্পত্তি ধ্বংস হ’বলৈ দিয়া নাযায় সেই কথা নিশ্চিত ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। কেন্দ্রই ৰাজ্যসমূহক ধৰ্মঘটৰ সময়তসকলো ক’ভিড নির্দেশনা অনুসৰণ কৰা হৈছেনে নাই সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিছিল।











