![]()
নিউজ ডেস্কঃ
আন্দোলনস্থলীতে প্রাণ গ’ল আৰু দুই কৃষকৰ। সোমবাৰে পুৱতি নিশা দিল্লী-হাৰিয়ানাৰ সংযোগস্থল টিকৰি সীমান্তত পঞ্জাবৰ এজন কৃষকৰ মৃত্যু হয়। মঙ্গলবাৰে পুৱা সেই একেই এলেকাৰ পৰা আৰু এজন কৃষকৰ মৃতদেহ উদ্ধাৰ হয়। হৃদৰোগত আক্রান্ত হৈ প্রথমজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্রচণ্ড ঠাণ্ডাত একেৰাহে আন্দোলন চলাই যোৱাৰ ফলত দ্বিতীয়জনৰ মৃত্যু হৈছে বুলি প্রাথমিক তদন্তৰ পিছত আৰক্ষীৰ ধাৰণা।
মৃতক দুজনৰ প্রথমজনক ৪৮ বছৰীয়া মেৱা সিং বুলি চিনাক্ত কৰা হৈছে। পঞ্জাবৰ মোগা জিলাৰ খোটে গাঁৱৰ বাসিন্দা তেওঁ। যোৱা ২৬ নৱেম্বৰত টিকৰি সীমান্তত আন্দোলনত যোগ দিছিল তেওঁ। হাজাৰ হাজাৰ কৃষকৰ সৈতে আৰক্ষীৰ পানীহিলৈ আৰু কন্দুৱা গেছৰ মোকাবিলা কৰি ইমান দিনে আন্দোলন চলাই গৈছিল তেওঁ। সোমবাৰে নিশা হঠাতে হৃদৰোগত আক্রান্ত হৈ মৃত্যুৰ কোলাত ঢলি পৰে তেওঁ।
আনহাতে, আজি পুৱা ৩২ বছৰীয়া অজয় মুৰৰ মৃত্যু হয়। হাৰিয়ানাৰ সোনিপতৰ বাসিন্দা অজয়ে বিগত কেইবা দিনো ধৰি তাত অৱস্থান বিক্ষোভত অংশ লৈছিল। নিশা স্থানীয় এখন পার্কত শুইছিল তেওঁ। আজি পুৱা সকালে তাত তেওঁক মৃত অৱস্থাত পোৱা যায়।











