![]()
নিউজ ডেস্কঃ
১৩ দিন ধৰি দিল্লী সীমান্তত বিক্ষোভ প্ৰদৰ্শন কৰি আছে পঞ্জাব আৰু হাৰিয়ানাৰ কৃষকসকলে। প্রথম বিদেশী ৰাষ্ট্রনেতা হিচাবে তেওঁলোকক সমর্থন জনাইছে কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ত্রুডোই। ইয়াৰ পিছত এটা এটাকৈ তেওঁলোকৰ সমর্থনত বিক্ষোভ আৰম্ভ হয় আমেৰিকাৰ বিভিন্ন প্ৰদেশত, লণ্ডনত। এইবাৰ তেওঁলোকৰ ফালে সমর্থনৰ হাত আগবঢ়ালে মার্কিন কংগ্রেছৰ সদস্যসকলে।
অৱশ্যে কেন্দ্রই এই সন্দৰ্ভত কঠোৰ অৱস্থান লৈছে। বাৰম্বাৰ জনাইছে, কৃষক বিক্ষোভ তেওঁলোকৰ আভ্যন্তৰীণ বিষয়। যিসকল বিদেশী ৰাজনীতিকে মুখ খুলিছে, তেওঁলোক বিষয়টি সম্পর্কে ‘সঠিকভাবে অৱগত নহয়’। তাৰ পিছতো মার্কিন কংগ্রেছৰ সদস্যসকলে কিন্তু সমর্থনৰ হাত আগবঢ়ালে।
কংগ্রেছৰ সদস্য ডাও লা মালফাই কয়, ‘ভাৰতত বিক্ষোভৰত পাঞ্জাবী কৃষকসকলৰ লগত আছোঁ, যিসকলে নিজৰ জীৱন ধাৰণৰ বাবে আৰু চৰকাৰী নীতিৰ বিৰুদ্ধে যুঁজ কৰিছে।’ কেলিফোর্নিয়াৰ ৰিপাব্লিকান ছিনেটৰজনৰ মন্তব্য, ‘চৰকাৰৰ বিৰুদ্ধে পাঞ্জাবী কৃষকসকলক শান্তিপূর্ণভাবে প্রতিবাদ কৰাৰ অনুমতি দিয়া উচিত।’
ডেমোক্ৰেটিক কংগ্রেছৰ যশ হার্ডাৰে কয়, ‘ভাৰত পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক দেশ। তাৰ নাগৰিকসকলক শান্তিপূর্ণ প্রতিবাদৰ অনুমতি দিয়া উচিত। মই আন্দোলনকাৰী আৰু প্রধানমন্ত্রী মোদিক শান্তিপূর্ণ আলোচনাত বহিবলৈ ক’ম।’ কংগ্রেছৰ আন এজন সদস্য টি জে কক্সে কয়, ভাৰতে নাগৰিক সুৰক্ষা আৰু প্রতিবাদৰ অধিকাৰ ৰক্ষাৰ বিষয়ত সচেতন হোৱা উচিত। আন এগৰাকী ডেমোক্ৰেট কংগ্রেছ সদস্য এণ্ডি লেভিনে জনায়, তেওঁ কৃষকসকলৰ এই আন্দোলনৰ পৰা অনুপ্রাণিত।











