![]()
নিউজ ডেস্কঃ
বিশ্বত প্রথম আজিৰে পৰা ব্ৰিটেইনত আৰম্ভ হৈছে কোভিড টীকাকৰণ৷ এই প্ৰথম পৰ্যায়ৰ টীকাকৰণত অন্তৰ্ভুক্ত হৈছে দুজন ভাৰতীয় বংশোদ্ভৱ। তেওঁলোক হৈছে ৮৭ বছৰীয়া হৰি শুক্লা আৰু তেওঁৰ পত্নী ৮৩ বছৰীয়া ৰঞ্জন। হৰিৰ পূর্বপুৰুষ আছিল মুম্বাইৰ বাসিন্দা। তেওঁৰ পিতৃ চাকৰি সূত্ৰে উগাণ্ডালৈ যোৱাত তাতেই ১৯৩৩ চনত তেওঁৰ জন্ম হয়।
উল্লেখ্য, মঙলবাৰৰ পৰা ব্ৰিটেইনত ফাইজাৰৰ টীকা সাধাৰণ মানুহক দিয়া আৰম্ভ হৈছে আৰু এই দিনটোক ‘ভেকচিন ডে’ হিচাবে উল্লেখ কৰিছে ব্রিটেইন প্রশাসনে। আজি প্রথম টীকা গ্ৰহণ কৰিব ৯০ বছৰীয়া মার্গাৰেট কিনানে।











