![]()
নিউজ ডেস্কঃ
পৃথিৱীৰ বৃহত্তম টীকা উৎপাদনকাৰী কোম্পানী চেৰাম ইনষ্টিটিউটে প্ৰতি ড’জত মাত্র ২৫০ টকাত কৰোনা টীকা ভাৰত চৰকাৰৰ হাতত তুলি দিব! এই সন্দৰ্ভত এক চুক্তি স্বাক্ষৰিত হোৱাৰ চূড়ান্ত পর্যায়ত উফনীত হৈছে দুয়ো পক্ষ। সংবাদ সংস্থাৰ খবৰ অনুসৰি, প্ৰতি ড’জ টীকাৰ মূল্য নির্ধাৰিত হ’ব পাৰে ৩.৩৯ আমেৰিকান ডলাৰ অর্থাৎ ২৫০ টকা।
সোমবাৰে এষ্ট্ৰাজেনেকাৰ কোভিড ভেকচিনৰ জৰুৰী ব্যৱহাৰৰ অনুমতি বিচাৰি কেন্দ্রীয় চৰকাৰৰ ওচৰত আবেদন কৰিছিল চেৰাম ইনষ্টিটিউটে। চৰকাৰেও বৰ্তমান এই টীকাৰ মুখৰ ফালেই চাই আছে।
ইয়াৰ পূৰ্বে চেৰাম ইনষ্টিটিউটৰ চিইঅ’ আদৰ পুনাৱালাই জনাইছিল যে সাধাৰণ বজাৰত কৰোনা টীকাৰ দাম হ’ব পাৰে ১৩.৫৫ আমেৰিকান ডলাৰ অর্থাৎ ১০০০ টকাৰ সমান। কিন্তু চৰকাৰে এককভাবে বিপুল পৰিমাণৰ টীকা লোৱাত সাধাৰণৰ তুলনাত মূল্য বহুখিনি কম পৰিছে।
অনুমান কৰা মতে, ৬ কোটি কৰোনা টীকা প্রথমতে ভাৰতৰ হাতত তুলি দিয়া হ’ব। আশা কৰা হৈছে, অহা বছৰ জানুৱাৰী-ফেব্রুৱাৰী মাহৰ ভিতৰত ভাৰতলৈ ১০ কোটি কৰোনা টীকা আহিব।











