![]()
নিউজ ডেস্কঃ
কৃষি আইন বাতিলৰ দাবীত দেশজুৰি পালিত হোৱা ভাৰত বন্ধৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰাৰ অভিযোগ তোলে আম আদমি পার্টিয়ে। তেওঁলোকৰ অভিযোগ, প্ৰতিবাদকাৰী কৃষকসকলৰ কাষত থিয় দিয়াৰ বাবেই দিল্লী আৰক্ষীয়ে কেন্দ্রৰ নির্দেশত কেজৰিৱালক গৃহবন্দী কৰিছে। কিন্তু কেজৰিৱালক গৃহবন্দী কৰাৰ কথা অস্বীকাৰ কৰিছে দিল্লী আৰক্ষীয়ে।
উল্লেখ্য, আজি পুৱা ১১টাৰ পৰা ৩ বজালৈ আহ্বান জনোৱা হৈছে ভাৰত বন্ধ ৷ তাৰ মাজতে আজি পুৱা আপৰ টুইটাৰ একাউণ্টত কেজৰিৱালক গৃহবন্দী কৰা বুলি টুইট কৰা হয় ৷ সিঙ্ঘু সীমান্তত আন্দোলনকাৰী কৃষকসকলক সাক্ষাৎ কৰাৰ বাবেই তেওঁক গৃহবন্দী কৰা বুলি উল্লেখ কৰি কোৱা হয় যে তেওঁৰ বাসভৱনত কাকো প্রৱেশ কিম্বা তাৰ পৰা ওলাই অহাৰ অনুমতি দিয়া হোৱা নাই৷
কিন্তু এই দাবী নাকচ কৰি উত্তৰ দিল্লীৰ ডিচিপি এন্টো আলফোনছে কয় যে মুখ্যমন্ত্রীক গৃহবন্দী কৰা হোৱা নাই, বৰং আপৰ সৈতে অন্য কোনো দলৰ যাতে সংঘর্ষ সৃষ্টি নহয় তাৰ বাবেহে আৰক্ষী মোতায়েন কৰা হৈছে।











