নিউজ ডেক্স:
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সোমবাৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে মন্তব্য দি কয় যে, সশস্ত্র বাহিনীৰ পতাকা দিৱসটো আমাৰ সশস্ত্র বাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ প্রতি কৃতজ্ঞতা জনোৱাৰ এটা দিন।
ভাৰতবৰ্ষ তেওঁলোকৰ বীৰত্বপূর্ণ সেৱা আৰু নিঃস্বার্থ ত্যাগৰ বাবে সদায় গর্বিত বুলিও অনুভৱ প্ৰকাশ কৰে তেখেতে । ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কল্যাণৰ বাবে অৱদান আগবঢ়াবলৈও দেশবাসীক আহ্বান জনাই প্ৰধানমন্ত্ৰীজনে তেখেতৰ মন্তব্যত । এই পদক্ষেপে সাহসী সৈনিকসকল আৰু তেওঁলোকৰ পৰিয়ালক যথেষ্ট সহায় কৰিব।











