ষ্টাফ ৰিপ’ৰ্টাৰ:
১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ শিলান্যাসৰ সময়ত ভূমিপূজাৰ বাবে ইতিমধ্যে প্রধানমন্ত্রীক আমন্ত্রণ জনাইছে লোকসভাৰ অধ্যক্ষ ওম বিড়লাই। শিলান্যাসৰ শেষ মূহূর্তৰ প্রস্ততিও চলিছে তীব্ৰ গতিত। কিন্তু তাৰ পূৰ্বে চেণ্ট্ৰেল ভিষ্টা প্রকল্প সন্দৰ্ভত ছুপ্রিম কোর্টৰ ৰায়ে এতিয়া স্বাভাৱিকতে বিপাঙত পেলালে কেন্দ্রক।
উল্লেখ্য, ২০২২ চনত ভাৰতৰ ৭৫তম স্বাধীনতা দিৱসৰ আগতেই সমগ্র প্রকল্পৰ কাম শেষ কৰিব বিচাৰিছে কেন্দ্রই। আৰু এই লক্ষ্য আগত ৰাখিয়েই দ্রুতগতিত প্রায় ৯৭১ কোটি টকা ব্যায়ত এই প্রকল্পৰ কাম শেষ কৰিব বিচাৰিছে কেন্দ্রই। কিন্তু ছুপ্রিম কোর্টৰ বর্তমান ৰায়ত সেই সময়সীমা মানি কাম কৰাটো সম্ভৱ হ’বনে নহয় তাক লৈ সৃষ্টি হৈছে অনিশ্চয়তা।
এই প্রকল্পৰ ভিতৰতেই ৰাষ্ট্রপতি ভৱনৰ পার্শ্বৱর্তী এলেকা বা চেণ্ট্ৰেল ভিষ্টাক নতুনকৈ ৰূপায়িত কৰিব বিচাৰিছে কেন্দ্রই। ৰাষ্ট্রপতি ভৱনৰ পৰা ইণ্ডিয়া গে’ট পর্যন্ত ৰাজপথৰ দুয়োকাষৰ এলেকাও নতুনকৈ সাজোৱাৰ পৰিকল্পনা আছে কেন্দ্রৰ। বর্তমান প্রায় ৯০ একৰজুৰি আছে নর্থ আৰু ছাউথ ব্লক।
এই সম্পূৰ্ণ এলেকাত সিঁচৰতি হৈ থকা প্রায় ৫১টি মন্ত্ৰালয় আৰু ভৱনক এটা স্থানলৈ অনাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে।ইফালে চেণ্ট্ৰেল ভিষ্টা প্রকল্পৰ কথা প্ৰকাশ হওঁতেই তাত ভূমি সংক্রান্ত সমস্যা, কৰোনাকালত মাত্রাধিক খৰচ, গছকটাসহ একাধিক বিষয়ত গোচৰ দাখিল হয় শীর্ষ আদালতত।
নতুন সংসদ ভৱনৰ সমগ্র প্রকল্পৰ বিৰোধিতা কৰি জমা হয় একাধিক আবেদন। এনে অৱস্থাত এই নতুন সংসদ ভৱনৰ ভূমিপূজাৰ দিন-ক্ষণ ঠিক হওঁতেই স্বতঃপ্রণোদিতভাবে এই গোচৰৰ শুনানি কৰিলে ছুপ্রিম কোর্টে।
যেতিয়ালৈকে এই সংক্রান্ত গোচৰৰ চূড়ান্ত ৰায় নাহে তেতিয়ালৈকে এই চেণ্ট্ৰেল ভিষ্টা প্রকল্পৰ অন্তর্গত কোনো নির্মাণ বা ভঙাৰ কাম আৰম্ভ কৰিব নোৱাৰিব বুলি আজি স্পষ্ট কৰি দিয়ে শীর্ষ আদালতে। অৱশ্যে বিচাৰিলে শিলান্যাসৰ কাম কৰিব পৰা যাব বুলি জনাইছে ছুপ্রিম কোর্টৰ ন্যায়াধীশসকলে। আনহাতে, কেন্দ্রৰ দাবী সংসদ ভবন আৰু চেণ্ট্ৰেল ছেক্রেটেৰিয়েট নতুনকৈ নিৰ্মাণৰ বাবে লাগিব যথেষ্ট সময়।
নূন্যতম প্রাকৃতিক ক্ষয়ক্ষতি আৰু সকলো দিশ পৰীক্ষা কৰিয়েই টাটা প্রজেক্টছক এই কামৰ আবন্টন দিয়া হৈছিল বুলিও আদালতক জনায় কেন্দ্রই। কিন্তু তাৰ পিছতো শীর্ষ আদালতৰ বর্তমান ৰায়ত এতিয়া সমগ্ৰ প্রকল্পটোৱেই অনিশ্চয়তাৰ মাজলৈ গুচি যোৱা বুলি বহুতে ক’ব খোজে।











