নিউজ ডেক্স:
প্রথমশাৰীৰ কৰোনা যোদ্ধাসহ যিসকলে টীকা পোৱাৰ অগ্রাধিকাৰত আছে, সেইসকল ভাৰতীয়ই আগন্তুক বছৰৰ জুলাই মাহৰ ভিতৰতেই টীকা পাব পাৰে। চাৰিটা কোম্পানীৰ টীকাৰ ওপৰত ভৰসা কৰি তেনে আশাই কৰিছে প্রশাসনে।
ইফালে অক্সফোর্ডৰ কোভিশিল্ড আৰু ভাৰত বায়োটেকৰ কোভেক্সিন জানুৱাৰীৰ শেষৰ ফালে জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন পাব পাৰে। অন্যহাতে এপ্রিলৰ ভিতৰত আৰু দুটি টীকাই অনুমোদন পাব পাৰে বুলি অনুমান কৰা হৈছে। প্রশাসনৰ সূত্রে এই খবৰ পোৱা গৈছে।
সংবাদ সংস্থাৰ সূত্ৰৰ খবৰ মতে, কোভিশিল্ড ব্যৱহাৰৰ বাবে ইতিমধ্যে দ্রুত অনুমোদন বিচৰা হৈছে। কোভেক্সিনে জানুৱাৰীৰ শেষ অথবা ফেব্রুৱাৰীৰ ভিতৰত অনুমোদন পাব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি ফাইজাৰৰ আবেদনো পৰীক্ষা কৰা হৈছে। এইটোৰো হয়তো অনুমতি পাব পাৰে। কিন্তু জৰুৰী ভিত্তিত এই টীকা কিমানখিনি সৰবৰাহ কৰিব পৰা যাব, সেইটো আগতে পৰ্যালোচনা কৰি চাব বিচাৰিছে প্রশাসনে।
এই তিনিটা বাদ দিলে ৰাছিয়াৰ কৰোনা টীকা স্পুটনিক ভিৰ দ্বাৰা এপ্রিলৰ ভিতৰত কাম আৰম্ভ কৰিব পৰা যাব বুলি ভবা হৈছে। আৰু যদি সেয়া হয় তেতিয়াহ’লে জুলাই মাহৰ ভিতৰত ৩০ কোটি ভাৰতীয়ই কোভিড টীকা লাভ কৰাৰ সম্ভাৱনা আছে।











