ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : এনপিপি দলৰ শীর্ষ নেতা তথা মেঘালয়ৰ মন্ত্রী জেমছ চাংমাৰ উপস্থিতিত আজি ডিফুত কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ বাবে দলটোৰ তদর্থ কমিটি গঠন কৰা হয়। তেওঁৰ সৈতে দলটোৰ সাধাৰণ সম্পাদক এনড্ৰিউ আহুত চেমাও উপস্থিত আছিল। ডিফুত এখন সংবাদমেলত চাংমাই কয় যে ডিফুত উপস্থিত হৈ অতি আনন্দিত হৈছাে আৰু আমাৰ পূর্বব কমিটি দুখন ভংগ কৰি নতুন তদর্থ কমিটি গঠন কৰা হৈছে।
আনহাতে, জিলাখনৰ ৰাজনৈতিক দল পিপুলছ পার্টি আজি এনপিপি দলত বিলয় হয় বুলি জানিবলৈ দি তেওঁ কয় যে, আগস্তক দিনত কার্বি আংলঙত এনপিপি দল শক্তিশালী হৈ উঠিব আৰু সকলােকে তেওঁ সাংগঠনিক ভেটি মজবুত কৰিবলৈ আহ্বান জনায়।
ইয়াৰোপৰি পাহাৰীয়া জিলা তিনিখনৰ দীৰ্ঘদিনীয়া সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) ৰূপায়ণক লৈ সচেষ্ট হৈ থাকিব ৷ আনহাতে এনপিপি দল সদায় উত্তৰ- পূৰ্বাঞ্চলৰ খিলঞ্জিয়া ভূমি পুত্ৰ সকলৰ সপক্ষে যুঁজ দি আহিছে বুলি কয় ৷












