ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : এইবাৰ কোনো বিদেশী বা বাংলাদেশী নহয় খোদ ভূমিপুত্ৰ খিলঞ্জীয়া গাঁওবাসীৰ বিৰুদ্ধে শীঘ্ৰে উচ্ছেদৰ জাননী জাৰি কৰিছে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে ৷ এই ঘটনা কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ দাঁতি কাষৰীয়া ডিফু- লামডিং পথৰ ৰংপাংথিৰ নামৰ গাঁৱৰ ৷
গাৰ ঘাম মাটিত পেলাই বিনিদ্ৰ ৰজনীৰে যতনাই লোৱা নিজ গাঁও খনত উচ্ছেদৰ বাবে চৰকাৰী জাননী পোৱা মাত্ৰকে চকুৰে ধুৱলি -কুঁৱলি দেখি পাইছে ৰংপাংথিৰৰ গাঁওবাসীয়ে৷ তেওঁলোকৰ মৰমৰ গাঁওখনত থকা মৰমৰ ঘৰ, ফল-ফুলেৰে জাতিষ্কাৰহৈ থকা বাৰীখন, চহৰৰ উন্নতমানৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি থকা তেওঁলোকৰ সতি-সন্তানৰ সোণোৱালী ভৱিষ্যতৰ সপোনবোৰ থান-বান হব ধৰা নানা চিন্তাৰে ভাৰাক্ৰান্ত কৰি তুলিছে গাঁওবাসীৰ মনবোৰ ৷
প্ৰতিবাদকাৰী সকলে সাংবাদিক সকলৰ আগত কয়যে, কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা কাৰ্বি জনজাতিৰ লোক সকলে তেওঁলোকৰ ল’ৰা- ছোৱালীৰ উন্নত ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে সদৰ চহৰ ডিফু-লামডিং পথৰ ৪ কিলোৰ ৰংপাংথিৰত ৩৬ ঘৰ পৰিয়ালে বসতি স্থাপন কৰিছিল ৷
তেওঁলোকে যুক্তি দৰ্শাই কয়যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে গাঁখখনত সেই লোক সকলে দখল কৰি বসতি স্থাপনৰ সময়তে বিভাগীয় কৰ্তৃপক্ষই উচ্ছেদৰ জাননী নিদি ৮ বছৰ পিছত কিয় জাননী দিছে বুলি প্ৰশ্ন কৰে ৷ সেয়ে গাঁওবাসী শোকত মৰ্মাহত হৈছে ৷ তেওঁলোকৰ সতি-সন্তানকলৈ ক’ত যাব ৷
এই উচ্ছেদৰ জাননী প্ৰত্যাহাৰ কৰিব লাগে, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বিভাগৰ FILE NO:- KAAC/REVENEW/ALLOTMENT/892 অনুসৰি পৰিষদৰ ইচি মিটিঙত ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰক আৰু গাঁওখনৰ আধুনিকৰণ কৰক আদি দাবী উত্থাপনৰে কণ কণ শিশু কণ্যা-পুত্ৰ সহ গাওঁবাসীয়ে আজি ডিফুস্থিত জননেতা প্ৰয়াত ছেমছনচিং ইংতি সোঁৱৰণি উদ্যাণৰ সন্মূথত ২৪ ঘণ্টাৰ বাবে অনশনত বহিছে৷
উল্লেখযোগ্যযে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বিভাগে গাওঁবাসীক অনুমতি অবিহনে উক্ত গাঁৱত বেদখল কৰাৰ অভিযোগ তুলি যোৱা ১২ নৱেম্বৰৰ পৰা প্ৰযোজ্য হোৱাকৈ ১৫ দিনৰ ভিতৰত উক্ত ভূমি কৰি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে












