নিউজ ডেক্স:
যিকোনো সুস্থ গণতন্ত্রৰ বাবে ছচিয়েল মিডিয়াত আলোচনাৰ স্বাধীনতা থকা একান্ত প্রয়োজন বুলি জনালে দেশৰ এটর্নি জেনেৰেল কেকে বেণুগোপালে। সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত ছচিয়েল মিডিয়াৰ স্বাধীনতাৰ পক্ষত মন্তব্য কৰে তেওঁ।
বেণুগোপালে কয়, ‘‘যিকোনো সুস্থ গণতন্ত্রৰ বাবে ছচিয়েল মিডিয়াৰ আলোচনাত কোনো ধৰণৰ বাধা সৃষ্টি কৰা উচিত নহয়। দেশৰ সর্বোচ্চ আদালত, অর্থাৎ ছুপ্রিম কোর্টেও বিৰলৰ পৰা বিৰলতম ঘটনাৰ বাহিৰে ছচিয়েল মিডিয়াৰ আলোচনাত হস্তক্ষেপ কৰা নাই।’’ দেশৰ এটর্নি জেনাৰেলে লগতে ভাবে, ছচিয়েল মিডিয়াক কোনো প্ৰকাৰৰ নিয়ন্ত্রণৰ চেষ্টা কৰাটো ‘অপ্রয়োজনীয়’।
চৰকাৰেও তেনে কোনো আইন অনা উচিত নহয়। কাৰণ দেশত উন্মুক্ত গণতন্ত্রৰ প্রয়োজন। তাত আলোচনাৰ পৰিসৰ থাকিবই লাগিব। তাৰ মাজতো যদি কোনো ঘটনা ঘটে, য’ত আইনী পদক্ষেপৰ প্রয়োজন, তাত সর্বোচ্চ আদালতে সেইটো কৰিব।
আনহাতে, আদালত অৱমাননা সম্পৰ্কত ছুপ্রিম কোর্টৰ সামগ্রিক ভূমিকা সম্পর্কে বেণুগোপালে কয়, ‘‘যেতিয়া পর্যন্ত কোনো বিষয় আদালত অৱমাননাৰ দিশে নাযায়, তেতিয়ালৈকে আদালতে সেই বিষয়ত একো নকৰে। ছুপ্রিম কোর্টে বিৰলৰ পৰা বিৰলতম ক্ষেত্রতহো আদালত অৱমাননাৰ গোচৰ কৰে।’’











