![]()
নিউজ ডেস্কঃ
বক্সাৰ পদ্মশ্ৰী সন্মান প্ৰাপক বিজেন্দৰ সিঙে দিল্লী-হাৰিয়ানা সীমান্তত চলি থকা কৃষক বিদ্ৰোহত যোগ দিলে দেওবাৰে ৷ ২০০৬ চন আৰু ২০১৪ চনৰ ক’মনৱেলথ গেমচ্ত মিডল ৱেইটত ভাৰতক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

আন্দোলনৰত কৃষকসকলক উদ্দেশ্যি বিদ্ৰোহৰ স্থলিত সিঙে জনালে যে কেন্দ্ৰীয় চৰকাৰে এই ক’লা আইন কেইখন উঠাই নল’লে ৰাষ্ট্ৰৰ সৰ্বোচ্চ খেলৰ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড ঘুৰাই দিব বুলি ঘোষণা কৰে খেলুৱৈজনে ৷











