নিউজ ডেক্স:
কৃষক বিদ্ৰোহৰ সমাধান সূত্ৰ বিচাৰি কৃষক দলৰ প্ৰতিনিধিসকলৰ সৈতে আজি অনুষ্ঠিত হৈছিল পঞ্চমখন বৈঠক। উক্ত বৈঠকত ফার্মাৰ্ছ প্রডিউচ ট্রেড এণ্ড কমাৰ্চ আইনৰ ছয় আৰু ১৫ নম্বৰ ধাৰা সংশোধন কৰিবলৈ চৰকাৰ ৰাজী বুলি জনায়।
কিন্তু ইয়াত সন্মত নহয় কৃষক প্ৰতিনিধিসকল। তেওঁলোক সকলো কৃষি আইনেই প্রত্যাহাৰৰ দাবীত এতিয়াও অটল।উল্লেখযোগ্য যে শনিবাৰে দুপৰীয়া ২ বজাত বিজ্ঞান ভৱনত পুনৰ আলোচনাত বহিছিল কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ আৰু খাদ্য আৰু ৰে’লমন্ত্রী পীযূষ গোৱেল।
কৃষকসকলক চৰকাৰৰ প্রস্তাৱ লিখিতভাবে দিয়ে যদিও তেওঁলোকে সকলো কেইখন আইন বাতিলৰ দাবীত অটল থাকে। তেওঁলোকৰ স্পষ্ট মত, তেওঁলোকে আৰু কোনো আলোচনা নিবিচাৰে। তেওঁলোকে সমাধান বিচাৰে, প্রতিশ্রুতি বিচাৰে। তেওঁলোকৰ দাবী সন্দৰ্ভত চৰকাৰৰ স্থিতি কি তাক জানিব বিচাৰে।











