ষ্টাফ ৰিপ’ৰ্টাৰ:
বিজেপিৰ পৰিষদীয় নিৰ্বাচনীৰ আহ্বায়ক সমিতিয়ে কৰিছে দাবী। অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিয়া স্বায়ত্ব পৰিষদৰ তৃতীয় সাধাৰণ নিৰ্বাচনত বিজেপিৰ ৩৫ খন আসনৰ আটাইকেইখনতেই তেওঁলোকে জয়লাভ কৰিব। আজি ৰহাত আয়োজিত এক সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰাৰ সমান্তৰালকৈ ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণ সিং বে’ আৰু ৰাজ্যিক সম্পাদক দীপ্লুৰঞ্জন শৰ্মাই কয় যে এইবাৰ তিৱা স্বায়ত্ব পৰিষদ হ’ব কংগ্ৰেছ মুক্ত।
লগতে কয় যে, “বিজেপি এটা সুসংগঠিত ৰাজনৈতিক দল আৰু সম উন্নয়ন আৰু সম বিকাশ, জাতি-মাটি আৰু ভেটি ৰক্ষাৰ বাবেই ৰাইজে তিৱা কাউন্সিলখন কংগ্ৰেছমুক্ত কৰিব। বিজেপি চৰকাৰে অসমৰ জনসাধাৰণৰ বাবে মাত্ৰ চাৰে চাৰিবছৰত যিদৰে উন্নয়ন সাধন কৰিব বিচাৰিছে সেয়া কেৱল বিজেপি চৰকাৰৰ বাবেহে সম্ভৱ বুলি কয়।
অন্যহাতে বিজেপিৰ লগত কংগ্ৰেছ ফেক্টৰ নহয় বুলি কোৱাৰ লগতে আন কোনো দলে প্ৰতিদন্দিতা কৰিব নোৱাৰে বুলি কৈ বিজেপিৰ ৩৫ টা সমষ্টিৰ ভিতৰত বিজেপিৰ কোনজন প্ৰাৰ্থীয়ে বেছি ভোট লাভ কৰিব তাৰে প্ৰতিদন্দিতা হ’ব বুলি কয়। আনহাতে বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰি আহ্বায়ক সমিতিখনে জাতি মাটি ভেটি ৰক্ষাৰ বাবেই বিজেপিক ৰাইজে ভোট দিব বুলি মন্তব্য প্ৰদান কৰে।”
সংবাদ মেলখনত নগাঁও জিলাৰ বিজেপিৰ সভাপতি অভিজিৎ নাথ আৰু ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসো উপস্থিতি থাকে। আনহাতে সংবাদ মেলত হাগ্ৰামা মহিলাৰীক উভতি ধৰে ডিফুৰ সাংসদ হৰেণসিং বে’য়ে। হাগ্ৰামা মহিলাৰীয়ে তুলিৰাম ৰংহাঙক পাগল বুলি কোৱাৰ বাবেই হৰেণ সিঙেও হাগ্ৰামাকহে প্ৰকৃত পাগল বুলি ব্যক্ত কৰে।













