
নিউজ ডেস্কঃ
ক’ৰোণা ভেকচিন গ্ৰহণৰ পিছতো হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী অনিল ভিজেৰ দেহত ক’ৰোণাৰ অৱস্থিতি। পৰীক্ষামূলকভাৱে ভেকচিন গ্ৰহণ কৰাৰ পিছতো ক’ৰোণাৰ পৰা হাত সাৰিব নোৱাৰিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। এক টুইটযোগে এই কথা নিজেই স্পষ্ট কৰে তেওঁ। তেওঁ লিখে যে, “‘মোৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে। বৰ্তমান মই আমবালাৰ চিভিল হাস্পতালত ভৰ্তি হৈছো। মোৰ সংস্পৰ্শলৈ অহা লোকসকলে কোৰোণাৰ পৰীক্ষা কৰাওক।’

কৰোনাৰ টীকা লোৱাৰ পিছতো কেনেদৰে সংক্রমিত হ’ল অনিল? কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ব্যাখ্যা, টীকাৰ দ্বিতীয় ড’জ লোৱাৰ পিছত শৰীৰত সংক্রমণ প্রতিৰোধকাৰী এন্টিবডি সৃষ্টি হ’বলৈ আৰম্ভ কৰে। কিন্তু অনিল ভিজে কোৱেক্সিনৰ কেৱল মাত্র প্রথম ড’জহে লৈছিল বুলি জনাইছে স্বাস্থ্য মন্ত্ৰালয়ে। কোভেক্সিন প্রস্তুতকাৰী কোম্পানী ভাৰত বায়’টেকৰ দাবী, টীকাৰ দ্বিতীয় ড’জ লোৱাৰ ১৪ দিন পিছত তাৰ কার্যকাৰিতা আৰম্ভ হয়।
উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্রান্তত ভাৰত বায়’টেকৰ দ্বাৰা তৈয়াৰী কৰোনাৰ সম্ভাব্য টীকা কোভেক্সিনৰ ক্লিনিকেল ট্রায়েল আৰম্ভ হৈছে। যোৱা ২০ নৱেম্বৰত সেই ট্রায়েলত অংশগ্রহণ কৰে অনিল ভিজে। স্বেচ্ছাসেৱক হিচাবে তেওঁ যে এই ট্রায়েলত অংশগ্রহণ কৰিব আগবাঢ়িছে, সেই কথা পূৰ্বতেই জনাইছিল ৬৭ বছৰীয়া অনিলে।











