![]()
নিউজ ডেস্কঃ
কিংফিছাৰ এয়াৰলাইন্স লিমিটেডৰ মালিক তথা পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ ইডিৰ। শুক্রবাৰে ইডিয়ে ফ্রান্সত বিজয় মালিয়াৰ ১.৬ মিলিয়ন ইউৰো সম্পত্তি বাজেয়াপ্ত কৰে।
উল্লেখ্য, বিজয় মালিয়াৰ গোচৰ বৰ্তমান লণ্ডনৰ আদালতত বিচাৰাধীন। ২০১৬ চনত ৯ হাজাৰ কোটি টকাৰ ঋণ পৰিশোধ নকৰাকৈ ভাৰত এৰি ব্রিটেইনলৈ পলাই যায় বিজয় মালিয়া। ইয়াৰ পিছত ভাৰতে ব্রিটেইনৰ ওচৰত বিজয় মালিয়াৰ প্রত্যর্পণৰ দাবী জনায়। ২০১৮ চনৰ ডিচেম্বৰত মালিয়াক ভাৰতলৈ প্রত্যর্পণৰ নির্দেশ দিয়ে ব্রিটেইনৰ মইজিস্ট্রেট’ছ কোর্টে। ব্রিটেইনৰ মেজিস্ট্রেটছ কোর্টৰ নির্দেশৰ বিৰুদ্ধে মালিয়াই ব্রিটেইনৰ ছুপ্রিম কোর্টত আবেদন কৰে। আৰু তেতিয়াৰ পৰাই মালিয়াৰ প্রত্যর্পণৰ গোচৰ চলি আছে ব্রিটেইনৰ আদালতত।











