![]()
নিউজ ডেস্কঃ
ঘৰত কোনো নাই, সেয়ে সাত বছৰীয়া নাতিনীক অনলাইনত খাদ্য অর্ডাৰ দিবলৈ ক’লে আইতাকে। কথা অমান্য নকৰি নাতিনী দিস্যটাই দিলে অৰ্ডাৰ। কিন্তু ইন্টাৰনেটৰ সমস্যাই বিপাঙত পেলালে তেওঁক। এই কাণ্ডই এতিয়া নেট জগতত ভাইৰেল।
কথা আছিল দুই বক্স ফ্রাইড চিকেন ফিলে আৰু ভাত অর্ডাৰ কৰাৰ। কিন্তু খাদ্য অর্ডাৰ দিয়া আৰম্ভ কৰোতেই ইন্টাৰনেটৰ গতি কিছু কমি যায়। খাদ্য আচলতে অর্ডাৰ দিয়া গ’লনে নাই, সেয়া একো বুজিব পৰা নাছিল শিশুটিয়ে। ফলত ধৈর্য ধৰিব নোৱাৰি তেতিয়ালৈকে এবাৰ, দুবাৰ নহয় বিয়াল্লিছবাৰ খাদ্যৰ অর্ডাৰ দিয়া হৈ গৈছে। কিছু সময় পিছত দুৱাৰত বেল বাজে। কিন্তু দুৱাৰ খুলিয়েই চকু কপালত উঠে। শিশুটিয়ে দেখে তেওঁৰ ঘৰৰ সন্মুখত ৪২ জন ডেলিভাৰী বয় আহি উপস্থিত। কিন্তু নিজেই যে এনেহেন কাণ্ড ঘটাইছে তাক প্রথমে বুজিব নোৱাৰে বৃদ্ধাগৰাকীৰ নাতিনীয়ে। ডেলিভাৰী বয় কেইজনেই সমগ্ৰ বিষয়টো বুজাই দিয়ে তেওঁক।
নিজৰ ভুল বুজাৰ পিছত যেন মূৰত আকাশী সৰগ ভাগি পৰে তেওঁ। শিশুটিৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাও যেন হয়। সেই সময়ত সমগ্ৰ ঘটনাটি ফেচবুক লাইভ কৰিছিল শিশুটিৰেই এজন প্রতিবেশীয়ে। শিশুটিৰ আইতাকৰ কথামতে ছচিয়েল মিডিয়াত অতিৰিক্ত খাদ্য কিনাৰ আবেদন ফেচবুক লাইভত জনোৱা হয়। কেইবাজনো প্রতিবেশী আগুৱাইও আহে। অতিৰিক্ত খাদ্য কিনে তেওঁলোকেই। বিপদৰ পৰা ৰক্ষা পৰে শিশুটি।











