![]()
নিউজ ডেস্কঃ
আইন প্ৰণয়নৰ এসপ্তাহৰ ভিতৰতে ভিন্ন ধর্মত বিয়া ৰুধিবলৈ একেবাৰে বিয়াঘৰত উপস্থিত হ’ল যোগী ৰাজ্যৰ আৰক্ষী। ঘটনাটি ঘটিছে উত্তৰ প্রদেশৰ লক্ষ্ণৌৰ পাৰা এলেকাত। য’ত হিন্দু পাত্রীৰ সৈতে মুছলিম পাত্রৰ বিয়া হোৱাৰ কথা আছিল।
বুধবাৰে বিয়াৰ সকলো আয়োজনো সম্পূৰ্ণ কৰা হৈছিল। কিন্তু পৰম্পৰাগত অনুষ্ঠান আৰম্ভ হোৱাৰ কিছু সময় পূৰ্বেই বিয়াঘৰত উপস্থিত হয় লক্ষ্ণৌ আৰক্ষী।বিবাহ অনুষ্ঠানত উপস্থিত হৈ আৰক্ষীয়ে উত্তৰ প্রদেশত গৃহীত হোৱা নতুন আইন সম্পর্কে সকলোকে জনাই কয়, দুয়োপক্ষই থানালৈ যাব লাগিব।
ইয়াৰ পিছত দৰা-কইনা পক্ষ থানাত উপস্থিত হোৱাত কোৱা হয়, নতুন আইন অনুসৰি লক্ষ্ণৌ জিলা উপায়ুক্তৰ পৰা অনুমতি লোৱাৰ পিছতহে বিয়া অনুষ্ঠান হ’ব পাৰিব।লক্ষ্ণৌৰ আৰক্ষী বিষয়া সুৰেশ চন্দ্র ৰাৱাতে কয়, ‘‘ডিচেম্বৰৰ ২ তাৰিখে আমি খবৰ পাওঁ, এগৰাকী হিন্দু কইনাৰ সৈতে মুছলিম দৰাৰ বিয়াৰ আয়োজন কৰা হৈছে।
উক্ত খবৰৰ পৰিপ্রেক্ষিতত বিয়াঘৰলৈ যোৱা হয়। দুয়ো পক্ষকে থানালৈ মাতি নতুন আইনৰ তথ্য দিয়া হয়। এই ক্ষেত্ৰত দুয়ো পক্ষই লিখিত সন্মতি জনায় থানাত। তাৰ পিছত আইন অনুসৰি তেওঁলোকে স্থানীয় উপায়ুক্তৰ ওচৰত আবেদন কৰিছে। তেওঁ অনুমতি দিলেহে বিয়া হ’ব।’’











