![]()
নিউজ ডেস্কঃ
শিৰোমণি আকালি দলৰ পিছত এইবাৰ মিত্ৰদলৰ বিৰুদ্ধে অৱস্থান জেজেপিৰ৷ দেশজুৰি চলা কৃষকৰ আন্দোলনৰ পক্ষত সৰৱ হৈছে হাৰিয়ানাৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ উপ-মুখ্যমন্ত্রী দুষ্যন্ত চৌতালা। সৰৱ হোৱাই নহয়, দিলে পদত্যাগৰ হুংকাৰ। ফলত সংখ্যালঘু হোৱাৰ দিশত হাৰিয়ানাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আনহাতে, যদি চৌতালাই পদত্যাগ কৰে তেতিয়াহ’লে যিকোনো মুহূৰ্তত চৰকাৰ ওফৰি যোৱাৰ আশঙ্কাইও দেখা দিছে এনডিএ শিবিৰত।
উল্লেখ্য যে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে আন্দোলনৰ বিৰোধিতা কৰাৰ বিপৰীতে কৃষকসকলৰ দাবী কিয় মানি লোৱা নহ’ব, মিত্ৰদলৰ পৰা এই প্রশ্নৰ মুখামুখী হ’বলগা হৈছে হাৰিয়ানা চৰকাৰ। তাতোকৈ চৰম ভাবুকিৰে খোদ উপ-মুখ্যমন্ত্রী দুষ্যন্ত চৌতালাই আজি প্ৰয়োজনত পদত্যাগ কৰিব বুলিও হুংকাৰ দিয়ে। উল্লেখ্য যে দুষ্যন্ত চৌতালা হৈছে জননায়ক জনতা পার্টিৰ (জেজেপি) প্রধান।
উল্লেখ্য, ৯০খন আসনবিশিষ্ট হাৰিয়ানা বিধানসভাত বিজেপিৰ আসন সংখ্যা ৪০খন আৰু জেজেপিৰ ১০খন। বিৰোধী কংগ্রেছৰ হাতত আছে ৩১খন আসন। আনহাতে, অন্যান্যৰ আসনৰ সংখ্যা ৯খন৷











