নিউজ ডেক্স:
বিৰাট কোহলি আৰু অনুষ্কা শর্মা। এই মুহূর্তত দেশৰ অন্যতম চর্চিত দুটি নাম। এজন ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক আৰু অন্যজন বলিউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্রী। সুদীর্ঘ চাৰি বছৰৰ সম্পর্কৰ পিছত ২০১৭ৰ ডিচেম্বৰত ইটালিৰ ফ্লোৰেন্স চহৰত বিবাহ বন্ধনত আবদ্ধ হয় তেওঁলোক।
ইয়াৰ মাজতেই আনন্দৰ খবৰ শুনাইছে এই চেলিব্ৰিটী দম্পতিয়ে। অহা জানুৱাৰীত মাতৃ হ’বলৈ আগবাঢ়িছে অনুষ্কা। কিন্তু তাৰ পূৰ্বে পোহৰলৈ আহিছে ‘বিৰুষ্কা’ৰ মুঠ সম্পত্তিৰ পৰিমাণ। ২০২০ৰ জানুৱাৰীৰ হিচাব মতে তেওঁলোক দুজনৰ মুঠ আয়ৰ পৰিমাণ প্রায় ১২০০ কোটি টকা। এই মুহূর্তত দেশৰ সকলোতকৈ ধনী চেলেব্রিটী দম্পতিৰ ভিতৰত বিৰুষ্কা যে অন্যতম তাক নক’লেও হ’ব নিশ্চয়।
ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে অনুষ্কাৰ ‘বেবি বাম্প’সহ যোগাসনৰ ছবি। তাত তেওঁক সহায় কৰা দেখা গৈছে স্বামী বিৰাটক। ২০১৯ত উপাৰ্জনৰ দিশৰ পৰা চলমন খানক অতিক্ৰমি ফোৰ্বছ আলোচনীৰ ৰিপোর্ট অনুযায়ী এক নম্বৰ স্থান অধিকাৰ কৰে বিৰাট কোহলিয়ে। সেই বছৰ তেওঁৰ মুঠ উপাৰ্জন আছিল ২৫২.৭২ কোটি টকা।
২০১৯ৰ এই উফাৰ্জনৰ ফলত বিৰাটৰ মুঠ আয় হয় ৯০০ কোটি টকা। চলিত বছৰত আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বাঙ্গালোৰৰ হৈ খেলাৰ বাবে লাভ কৰে ১৮ কোটি টকা। ইয়াৰ উপৰি বিচিচিআইৰ তৰফৰ পৰা তেওঁক বছৰি সাত কোটি টকা বার্ষিক পাৰিশ্রমিক হিচাবে দিয়া হয়। লগতে বহুকেইটা ব্ৰেণ্ড এম্বেছেডৰ তেওঁ।
আনহাতে, দুখন ৰেষ্টুৰেণ্টো আছে বিৰাটৰ। সেয়ে ধৰি ল’ব পাৰে, তেওঁৰ মুঠ সম্পত্তি প্রায় এক হাজাৰ কোটি টকাৰ আশেপাশে।অন্যদিশে, ২০১৯ত অনুষ্কাৰ উপাৰ্জনৰ পৰিমাণ আছিল ২৮.৬৭ কোটি টকা৷ অৱশ্যে সেয়া তেওঁৰ ২০১৮ৰ উপাৰ্জনৰ তুলনাত বহুখিনি কম আছিল। উক্ত বছৰ অনুষ্কাৰ উপাৰ্জনৰ পৰিমাণ আছিল ৪৫.৮৩ কোটি টকা।
সকলো মিলাই অনুষ্কাৰ মুঠ সম্পত্তিৰ পৰিমাণ প্রায় ৩৫০ কোটি টকা। ক্লিন ষ্টেট ফিল্মছ নামৰ তেওঁৰ নিজস্ব প্রযোজনা সংস্থাও আছে। ইতিমধ্যে এই সংস্থাৰ বেনাৰত বহু কেইখন ছবিৰ প্রযোজনাও কৰিছে তেওঁ। ইয়াৰ উপৰি বহু কেইটা ব্ৰেণ্ডত এণ্ডৰছমেণ্টৰ উপৰি ‘নুশ’ নামৰ তেওঁৰ এটি ফেশ্বন লেবেলো আছে। লগতে আছে মুম্বাইত ৩৪ কোটি মূল্যৰ এটি এপার্টমেণ্ট বিৰুষ্কাৰ। গুড়গাঁৱতো ৮০ কোটি মূল্যৰ এটি ঘৰ আছে তেওঁলোকৰ।











