নিউজ ডেক্স:
তেওঁলোক কৃষক, দেশৰ অন্নদাতা। নিজৰ দাবী লৈ আজি চৰকাৰৰ দৰবাৰত। তেওঁলোকৰ গালৈয়ে চৰকাৰে নিক্ষেপ কৰিছে পানীহিলৈ, কন্দুৱা গেছ। তথাপি তেওঁলোক অলৰ-অচল। উচ্চ শিৰে চলাই নিছে নিজৰ অধিকাৰৰ যুঁজ।
আজিও তিনিগৰাকী কেন্দ্রীয় মন্ত্রীৰ সৈতে বিজ্ঞান ভৱনত অনুষ্ঠিত বৈঠকত শিৰ নত কৰিবলৈ ৰাজী নহ’ল কৃষকসকলৰ প্রতিনিধিবৰ্গ। বৈঠকৰ মাজতে মধ্যাহ্ন ভোজনৰ বিৰতি। তেতিয়া কৃষক সংগঠনৰ প্রতিনিধিসকলক খাদ্যৰ নিমন্ত্ৰণ জনাইছিল চৰকাৰৰ তৰফৰ পৰা। কিন্তু বিক্ষোভকাৰীসকলৰ স্পষ্ট উত্তৰ, ‘নিজৰ খাদ্য লৈ আহিছো।’
কৃষকসকল বাবে এখন ভেনত লৈ আহিছিল নিজৰ খাদ্য। বিৰতিৰ সময়ত ওলাই আহি তাৰ পৰা নিজৰ খাদ্য লৈ যায়। তাৰ পিছত বিজ্ঞান ভৱনৰ এখন দীঘল টেবুল ৰকাষত থিয় হৈ কৰে মধ্যাহ্ন ভোজন। বহুতে আকৌ খাদ্যৰ থাল লৈ মাটিতেই বহি পৰে।
এজন কৃষক নেতাই কয়, ‘চৰকাৰে দিয়া চাহ বা খাদ্য আমি গ্ৰহণ কৰা নাই।’ এজনে কয়, ‘টিফিন লৈ আহিছো, তাৰ পৰাই খাইছো।’ বৈঠকৰ প্রথম পৰ্যায়ত কৃষকসকলে নিজৰ ক্ষোভৰ কথা জনায়। দ্বিতীয় পৰ্যায়ত কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ, পীযূষ গোৱেল আৰু সোমপ্রকাশে বক্তব্য ৰাখে। জানিব পৰা মতে, ন্যূনতম সহায়ক মূল্যক লৈ লিখিত আশ্বাস দিব পাৰে তেওঁলোকে।











