ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অস্বাস্বাস্থ্যকৰ পৰিৱেশত যোগান ধৰা খাদ্যৰ এক বাতৰি পোহৰলৈ আনিবলৈ গৈ ব্যৱসায়ীৰ ৰোষত পৰে দুই সাংবাদিক ৷ ৰাজ্যৰ বিভিন্ন প্রান্তত সাংবাদিকৰ ওপৰত নির্যাতনৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ লােৱাৰ সময়তে কাৰ্বি আংলং জিলাৰ বােকাজানত বাতৰি সংগ্রহৰ বাবে যােৱা দুগৰাকী সাংবাদিকৰ ওপৰত অসাধু ব্যৱসায়ীচক্রই প্রাণঘাটী আক্রমণ সংঘটিত কৰাৰ ঘটনাক কেন্দ্র কৰি জিলাখনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।
প্রাপ্ত তথ্য অনুসৰি, বােকাজানৰ লাহৰিজানস্থিত কেক স্কোৱেৰ বেকাৰী শীর্ষক বেকাৰীখনত অস্বাস্থ্যকৰ পৰিবেশত খাদ্য সামগ্রী প্রস্তুত হােৱাৰ অভিযােগ উত্থাপিত হােৱাৰৰ সময়তে যােৱা ১ ডিচেম্বৰ নিশা বােকাজানৰ এটা সাংবাদিকৰ দল আৰক্ষীৰ উপস্থিতিত বেকাৰীটোৰ ভিতৰত প্রৱেশ কৰে।
বেকাৰীটোৰ ভিতৰত ভয়ংকৰভাবে অস্বাস্থ্যকৰ পৰিৱেশত খাদ সামগ্রী প্রস্তুত কৰাৰ লগতে এক ডিচেম্বৰতে তিনি ডিচেম্বৰৰ তাৰিখত ভালেসংখ্যক ব্রেড (পাউৰুটি)ৰ পেকেট প্রত্যক্ষ কৰি সাংবাদিকৰ দলটোৱে লগে লগে ফটো আৰু ভিডিঅ সংগ্রহ কৰে। ইয়াৰ লগে লগে সাংবাদিকৰ দলটোৰ বিৰুদ্ধে অগ্নিশর্মা হৈ পৰা বেকাৰীখনৰ মালিকপক্ষই সাংবাদিকৰ দলটোক অশ্নীল ভাষাৰে গালি গালাজ কৰাৰ লগতে বােকাজানৰ সাংবাদিক প্রকাশ গগৈ আৰু নৰেন হাজৰিকাক শাৰিৰীকভাবেও প্রহাৰ কৰে।
ইমানতে ক্ষান্ত নাথাকি বেকাৰীটোৰ মালিকপক্ষৰ নির্দেশত প্রায় ১৫/২০ জনীয়া এটা গুণ্ডাৰ দলে দুয়ােগৰাকী সাংবাদিককে বেয়াকৈ প্রহাৰ কৰি অতি গুৰুতৰভাবে আহত
কৰে। পিছত একাংশ সতীর্থ সাংবাদিকৰ হস্তক্ষেপতহে সাংবাদিকগৰাকীৰ কোনােমতে প্রাণ ৰক্ষা পৰে। ঘটনাটোৱে জিলাখনত স্বাভাৱিকতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়েও কালি টেলিফোনযােগে সাংবাদিক দুগৰাকী অবস্থাৰ বুজ লােৱাৰ লগতে দোষীক শাস্তি প্রদান কৰাৰ আশ্বাস প্রদান কৰা বুলি জানিব পৰা গৈছে।
বােকাজানৰ দুই সাংবাদিক অর্জুন থাপা আৰু নৰেন হাজৰিকাই এই সন্দর্ভত খটখটী আৰক্ষী থানাত দাখিল কৰা দুখন সুকীয়া এজাহাৰৰ ভিত্তিত ইতিমধ্যে গােচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
আনহাতে, জিলা প্ৰেছ ক্লাবৱৰ হৈ সভাপতি সম্পাদক ক্ৰমে, কিৰি ৰংহাঙ আৰু ডেনিয়েলচন বে’ই বোকাজানত সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ ভাষাত নিন্দা কৰাৰ লগতে এক প্ৰেছ বিবৃতিযোগে জিলাখনত কৰ্তব্যৰত সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে দোষী ব্যৱসায়ীক আইন সংগত ভাবে ব্যৱস্থা লবলৈ আহ্বান জনাইছে ৷
ইয়াৰোপৰি বােকাজান প্রেছ ক্লাৱৰ তৰফৰ পৰাও অসাধু ব্যবসায়ীয়ে আক্রমণ চলােৱা ঘটনাক কঠোৰ ভাষাবে সমালোেচনা কৰি অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্রী প্রস্তুত কৰা বেকাৰীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী জনায়। অসম জাতীয়তাবাদী যুব ছাত্র পৰিষদৰ কার্বি আংলং জিলা সমিতিয়েও আজি বােকাজানব মহকুমাধিপতিক এখন স্মাৰকপত্রযােগে বাতৰি সংগ্রহব বাবে যােৱা সাংবাদিকৰ আক্রমণ সংঘটিত কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ দাবী জনায়।
লগতে বেকাৰীসমূহে কেনে পৰিস্থিতিত খাদ্য সামগ্রী প্রস্তুত কৰে সেয়া অনুসন্ধান কৰাৰ বাবেও সংগঠনটোৱে দাবী জনায় ৷ ইয়াৰ পিছত স্থানীয় প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিছে৷













