নিউজ ডেক্স:
কৃষকবিৰোধী কৃষি আইন বাতিলৰ দাবীত দিল্লীত চলি থকা কৃষক বিদ্ৰোহৰ আজি অষ্টম দিন। প্ৰথম পৰ্যায়ৰ আলোচনা বিফল হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আন্দোলনকাৰী কৃষক সংগঠনৰ নেতাসকলৰ দ্বিতীয়লানি আলোচনা আৰম্ভ হৈছে যদিও কোনো সমাধান সূত্ৰ ওলোৱা নাই৷ কৃষি আইন বাতিলৰ দাবীত অটল প্ৰতিবাদকাৰী কৃষকসকল৷ অৱৰোধ কৰি ৰাখিছে দিল্লী সীমান্ত৷
তেনে সময়তে এক ডাঙৰ সিদ্ধান্ত লৈছে শিৰোমণি অকালি দলৰ জ্যেষ্ঠ নেতা প্ৰকাশ সিং বাদলে৷ চলিত কৃষক আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই তেওঁ পদ্মবিভূষণ সন্মান উভতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁৰ মন্তব্য, কৃষকক সন্মান জনাব নজনা চৰকাৰৰ পৰা চৰকাৰী বঁটা গ্ৰহণৰ কোনো প্ৰয়োজন নাই৷ ইতিমধ্যে এই
সন্দৰ্ভত নেতাগৰাকীয়ে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। কৃষকসকলৰ প্ৰতি সন্মান তথা সমৰ্থন জনাই তেওঁ পত্ৰখনত উল্লেখ কৰিছে, “মই ইমানেই দুখীয়া যে, কৃষকসকলৰ বাবে ত্যাগ কৰিবলৈ মোৰ একোৱেই নাই। কৃষকসকলৰ বাবেই মই আজি এই স্থানত উপনীত হৈছোঁ। সেই কৃষকসকলকে যদি অপমান কৰা হয়, তেনেহ’লে এই সন্মান ৰাখি থৈ মোৰ কি লাভ।’
উল্লেখ্য, বিজেপিৰ অন্যতম পুৰণি মিত্ৰদল শিৰোমণি আকালি দলে ইতিমধ্যে এ ইআইনৰ বিৰোধিতা কৰিছেষ লগতে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে হৰসিমৰৎ সিং কৌৰে৷ তেনে ক্ষেত্ৰত প্ৰকাশ সিং বাদলৰ এই সিদ্ধান্তই নিশ্চিতভাৱে পৰৱৰ্তী সময়ত বিজেপিক অস্বস্তিত পেলাব বুলি বহুতৰে অনুমান৷











