নিউজ ডেক্স:
ভাৰত চৰকাৰৰ ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্রালয়ে উইকিপিডিয়াক তেওঁলোকৰ ওৱেবচাইটৰপৰা এটা লিংক আতৰাবলৈ নির্দেশ দি এক আদেশ জাৰি কৰিছে য’ত জম্মু -কাশ্মীৰৰ ভুল মানচিত্র দেখুৱা হৈছে । চৰকাৰী সূত্ৰৰপৰা জানিব পৰা অনুসৰি, তথ্য প্রযুক্তি আইন, ২০০০-অৰ ধাৰা ৬৯ A ৰ অধীনত এই আদেশ জাৰি কৰা হৈছে ।
উল্লেখযোগ্য যে ৱিকিপিডিয়াৰ এই মানচিত্রত গিলগিত-বালতিস্তান, পাকিস্তানে দখল কৰা কাশ্মীৰ আৰু আকচাই চিনক ভাৰতৰ অংশ নহয় বুলি দেখুৱা হৈছে ৷
জানিব পৰা অনুসৰি এই মানচিত্ৰখন মেঙ্গ’ষ্টাৰ নামৰ এটা ৱিকিপিডিয়া ব্যৱহাৰকাৰী একাউণ্টৰপৰা তৈয়াৰ কৰি আপল’ড কৰা হৈছিল ৷ এই মানচিত্ৰখন প্ৰায় এক দশকৰো আগত ২০০৮ চনৰ মে’ মাহত আপল’ড কৰা হৈছিল ৷











