![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : আজি বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি উক্ত অগ্নিকাণ্ডৰ জুইত জাহ যায় দহখনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ প্ৰাথমিক অৱস্থাত বৈদ্যুতিক চৰ্ট-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।
জুইৰ কলা ধোঁৱাই সমগ্ৰ লাহৰিজান আৱৰি ধৰা পৰিলক্ষিত হয়। বোকাজানৰ দুখন আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা অহা দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈ যদিও প্ৰায় দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যায়। কেইবা লক্ষাধিক মূল্যৰ সা-সম্পত্তি অগ্নিত জাহ যায়।












