নিউজ ডেক্স:
কেন্দ্রীয় মন্ত্রীসকলৰ সৈতে বৈঠকৰ পিছদিনাও পুনৰ আন্দোলনত বহিল কৃষকসকল। বুধবাৰে পুৱাৰ পৰাই উত্তৰ প্রদেশ-দিল্লী সীমান্তত বেৰিকেড আঁতৰাই আগবঢ়াৰ চেষ্টা কৰে আন্দোলনকাৰী কৃষকসকলে। লগতে দিল্লীৰ প্রায় সকলো সীমান্তত ধৰ্ণাত বহিছে আন্দোলনকাৰীসকল।
ফলত ৰাজধানীত প্ৰৱেশ-প্ৰস্থানৰ একাধিক পথ কার্যত অৱৰুদ্ধ। আনহাতে, দিল্লী আৰক্ষীয়ে জনোৱা মতে, কৃষক বিক্ষোভৰ বাবে নয়ডা-দিল্লী সীমান্ত বন্ধ ৰখা হৈছে। উত্তৰ প্রদেশ-দিল্লীৰ মাজত যোগাযোগৰ এইটোৱেই মূল পথ।
ইয়াৰ ফলত পথটোত যানবাহন চলাচল বন্ধ। আনহাতে, উত্তৰ প্রদেশ আৰক্ষী সূত্র মতে, ৰাজ্যৰ বিভিন্ন প্রান্তত কৃষকসকল সমবেত হৈ আছে আৰু তেওঁলোকে দিল্লীৰ দিশে আগবঢ়াৰ চেষ্টা কৰিছে।
দিল্লী-হাৰিয়ানাৰ সিঙ্ঘু সীমান্তৰ পৰিস্থিতিও একেই আছে। তাত প্রতিবাদ-বিক্ষোভ অব্যাহত ৰাখিছে কৃষকসকলে। বন্ধ যান-বাহন চলাচল। ইয়াৰ উপৰি টিকৰি, জাৰোদা ঝটিকাৰা সীমান্ততো কৃষকসকলৰ অৱস্থান-আন্দোলনৰ ফলত বন্ধ পথ যোগাযোগ। বাদুচৰাই সীমান্তত কেৱল মাত্র বাইক চলাচলৰ অনুমতি দিয়া হৈছে।
চিল্লা সীমান্তত নয়ডা লিঙ্ক ৰোডৰ ওপৰত গৌতম বুদ্ধ দুৱাৰৰ ওচৰত কৃষকসকলৰ আন্দোলনত বন্ধ যাতায়াত। ইয়াৰ উপৰি পঞ্জাবত আন্দোলনৰ ফলত বহু কেইখন ৰে’ল বাতিল বা যাত্রা চমু কৰিছে।











