![]()
নিউজ ডেস্কঃ
বিশ্বৰ প্ৰথম কৰোনা টীকাৰ স্বীকৃতি লাভ কৰিলে ফাইজাৰে৷ আনহাতে, বিশ্বৰ প্রথম দেশ হিচাবে কোভিড টীকাকৰণৰ ফাইজাৰ-বায়’এনটেকৰ টীকাক অনুমতি-পত্র দিলে ব্রিটেইনে। আজি ব্রিটিছ চৰকাৰৰ তৰফৰ পৰা জনোৱা মতে আগন্তুক সপ্তাহৰ পৰাই সমগ্ৰ ব্রিটেইনত এই টীকাকৰণ কাৰ্যসূচী আৰম্ভ হ’ব। জানিব পৰা মতে, প্ৰথম পৰ্যায়ত এই টীকাকৰণ হ’ব অগ্রাধিকাৰ ভিত্তিত। যিসকলৰ কোভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে একমাত্র তেওঁলোককহে টীকা দিয়া হ’ব।
বুধবাৰে ব্রিটেইনৰ স্বাস্থ্য সচিব মেট হেনককে টুইটাৰত লিখা মতে, ‘কৰোনাৰ বিৰুদ্ধে বৃহৎ সহায়। অহা সপ্তাহৰ আৰম্ভণিৰ পৰাই টীকাকৰণ আৰম্ভ কৰিবলৈ প্ৰস্তুত নেচনেল হেল্থ ছার্ভিচ (এনএইচএছ )৷’
আনহাতে, ব্রিটেইনৰ মেডিচিন আৰু হেল্থকেয়াৰ প্রডাক্টছ ৰেগুলেটৰী এজেন্সিয়ে জনোৱা মতে, ফাইজাৰ-বায়’এনটেকৰ ভেকচিনে কৰোনা ভাইৰাছৰ বিৰুদ্ধে ৯৫ শতাংশ পর্যন্ত প্রতিৰোধ গঢ়ি তুলিবলৈ সক্ষম।
বৰিছ জনছন চৰকাৰে ইতিমধ্যে ব্রিটেইনৰ ২ কোটি লোকক টীকাকৰণৰ বাবে ৪ কোটি ড’জৰ আবণ্টন দিছে। প্রত্যেককে দুটাকৈ ড’জ দিয়া হ’ব। আনহাতে, কেইদিনমানৰ ভিতৰতেই আৰু ১ কোটি ড’জ পাব বুলিও ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে।











