![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ৩৬ হাজাৰ ৬০৪ জন। ইয়াকে লৈ দেশত মুঠ আক্রান্ত ৯৪ লক্ষ ৯৯ হাজাৰ ৪১৩ জন। প্রথম স্থানত থকা আমেৰিকাত মুঠ আক্রান্ত ১ কোটি ৩৭ লাখ। তৃতীয় স্থানত থকা ব্রাজিলত এই পর্যন্ত ৬৩ লাখ ৮৬ হাজাৰজন কোভিডত আক্রান্ত হৈছে।
আনহাতে, কৰোনাত বৰ্তমানলৈ ভাৰতত ১ লক্ষ ৩৮ হাজাৰ ১২২ জনৰ মৃত্যু হৈছে। বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৫০১ জন। দেশৰ মুঠ মৃত্যুৰ এক তৃতীয়াংশই মহাৰাষ্ট্রত। ৰাজ্যখনত প্রাণ গৈছে ৪৭ হাজাৰ ২৪৬ জনৰ। দেশৰ মৃত্যু তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত থকা কর্নাটক আৰু তামিলনাডুত ১২ হাজাৰৰ ওচৰত। ইয়াৰ পিছতে আছে ক্রমান্বয়ে দিল্লী (৯,২৬০), পশ্চিমবঙ্গ (৮,৪৭৬), উত্তৰ প্রদেশ (৭,৭৮৮), অন্ধ্রপ্রদেশ (৬,৯৯৬)।
ইফালে বৰ্তমানলৈ দেশত মুঠ ৮৯ লক্ষ ৩২ হাজাৰ ৬৪৭ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৪৩ হাজাৰ ৬২ জন। বৰ্তমান মুঠ সক্রিয় ৰোগীৰ সংখ্যা ৪ লক্ষ ২৮ হাজাৰ ৬৪৪ জন।











