নিউজ ডেক্স:
পাকিস্তানী সেনাই এলঅ’চিত যুদ্ধ বিৰতি আইন উলংঘন কৰাৰ ফলত জম্মু-কাশ্মীৰত BSF ৰ এজন উপ-পৰিদৰ্শক শ্বহীদ হ’বলগীয়া হয়।
মনকৰিবলগীয়া যে, নৱেম্বৰ মাহত নিৰাপত্তাৰক্ষীৰ লগতে সৰ্বমুঠ ১৫ জন লোকৰ মৃত্যু হয় আৰু এই আটাইকেইজনো পাকিস্তানী সেনাই যুদ্ধ বিৰতি আইন উলংঘন কৰাৰ ফলতেই মৃত্যু হ’বলগীয়া হয়। মঙলবাৰৰ এই ঘটনাটো সীমা সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসতে সংঘটিত হৈছে।











