ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ডকমকাৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠান থং নকবে মহাবিদ্যালয়ৰ বুব্জী বিভাগৰ উদ্যোগত তথা ৰেড ৰিবন ক্লাৱৰ থং নকবে মহাবিদ্যালয় শাখাৰ সহযােগত আজি মহাবিদ্যালয়খনৰ প্রাংগণত বিশ্ব এইডচ দিবস পালন কৰা হয়।
এই উদ্দেশ্যে এইডচ মহামাৰী স্থিতাৱস্থা আৰু ফলাফল শীর্ষক আলােচনাচক্রত হাওৰাঘাট ত্রিশখন বিচনাযুক্ত চিকিৎসালয়ৰ চিকিৎসক ডাঃ বীৰেশ্বৰ বেই নিদ্দিষ্ট বক্তা আৰু ডকমকা প্রাথমিক স্বাস্থ্যকেন্দ্রৰ চিকিৎসক ডাঃ থং টেৰণে সমল ব্যক্তি হিচাপে উপস্থিত থাকি মাৰাত্মক এইডচ ৰোগ সন্দর্ভত বিভিন্ন দিশ সামৰি গুৰুত্বপূর্ণ ভাষণ প্রদান কৰে।
আলােচনাচক্রখনত মহাবিদ্যালয়খনৰ সকলাে শিক্ষক-শিক্ষয়িত্রীৰ লগতে কেইবা শতাধিক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে।













