নিউজ ডেক্স:
মোদী চৰকাৰে অনা তিনিখন কৃষি আইনৰ প্রতিবাদত বিক্ষোভ প্ৰদৰ্শন কৰিছে পঞ্জাব আৰু হাৰিয়ানাৰ কৃষকসকলে। এইবাৰ তেওঁলোকৰ ফালে সমর্থনৰ হাত আগবঢ়ালে কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ত্রুডোৱে। তেওঁ জনায়, শান্তিপূর্ণ প্রতিবাদত সকলো সময়তে ওচৰত থাকিব কানাডা৷ ইয়াৰ পূৰ্বে অন্য কোনো ৰাষ্ট্রপ্রধানে এই প্ৰসংগত মুখ খোলা নাই।
মঙ্গলবাৰে গুৰুপূৰৱ উপলক্ষ্যত বক্তব্য ৰাখিবলৈ গৈ ত্রুডোৱে কয়, ‘ভাৰতৰ পৰা কৃষক বিক্ষোভক লৈ যিবোৰ খবৰ আহিছে, তাৰ ওপৰত মুখ নুখুলিলে মোৰ অনুশোচনা হ’ব। পৰিস্থিতি যথেষ্ট উদ্বেগৰ। আমি সকলোৱে তেওঁলোকৰ পৰিয়াল আৰু বন্ধুসকলৰ বাবে চিন্তিত।’
ইয়াৰ পিছতেই তেওঁ মনত পেলাই দিয়ে, ‘সকলো সময়তে শান্তিপূর্ণ আন্দোলনকাৰীসকলৰ লগত থাকিব কানাডা। আমি আলোচনাত বিশ্বাসী। এই উদ্বেগৰ বিষয়টো আমি ভাৰতীয় কর্তৃপক্ষক জনাম।’
আনহাতে, ভাৰতত কৃষক বিক্ষোভক লৈ উদ্বেগ প্রকাশ কৰিছে কানাডাৰ প্রতিৰক্ষামন্ত্রী হৰজিৎ সিং সজ্জনেও। তেওঁ জনাইছে, ‘সুস্থ গণতন্ত্রই সকলো সময়তেই শান্তিপূর্ণ প্রতিবাদত সন্মতি দিয়ে।’ উল্লেখ্য, কানাডালৈ পঞ্জাবৰ পৰা বহু লোক প্রতি বছৰে গৈ প্রতিষ্ঠিত হয়। তাৰ চৰকাৰৰ উচ্চ পদতো বহু পাঞ্জাবী অভিবাসী পৰিয়ালৰ সদস্য আছে।
সেয়ে পঞ্জাবৰ কৃষকসকলৰ এই অপমানক লৈ উদ্বেগ প্রকাশ কৰিছে প্রধানমন্ত্রী ক্ৰুডোৱে।
অৱশ্যে বিষয়টোক সহজভাৱে মানিব পৰা নাই শিৱসেনাই। শিৱসেনাৰ নেত্রী প্রিয়ঙ্কা চতুর্বেদীয়ে টুইটাৰত লিখে, ‘প্রিয় জাষ্টিন ত্রুডো, আপোনাৰ উদ্বেগৰ কথা শুনি ভাল লাগিল।
অৱশ্যে ভাৰতৰ আভ্যন্তৰীণ ইছ্যু অন্য দেশৰ ৰাজনীতিৰ খোৰাক হ’ব নোৱাৰে। আমি অন্য দেশৰ প্রতি যি সন্মান দেখুৱাইছো, সেইটোকে শ্রদ্ধা কৰো। প্রধানমন্ত্রীক অনুৰোধ জনাইছো, অন্য কোনো দেশে এই বিষয়ত মতামত প্ৰদানৰ আগতে আপুনিয়েই সমাধান কৰক।’











