ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰ্বি আংলং স্পৰ্টচ এচ’ছিয়েছনৰ উদ্যোগ ডংকামোকাম ৱাইচং ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হয় প্ৰথম MAC শীতকালীন ফুটবল প্ৰতিযোগিতা ৷নিশ অনুষ্ঠিত ফুটবল প্ৰতিযোগিতা খেলখনৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷
শুভ উদ্বোধন কৰি মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কয় চূড়ান্ত খেলখন ডিফু KASA ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ’ৱ৷ বিজয়ী দলটোক ট্ৰফী সহ তিনি লাখ টকা প্ৰাইজমানি আৰু পৰাজিত দলটোক ট্ৰফী সহ দুই লাখ টকা প্ৰইজমানি প্ৰদান কৰা হব৷ কাৰ্বি আংলং স্পৰ্টচ এচ’ছিয়েছনৰ উদ্যোগ অনুষ্ঠিত সমষ্টি ভিত্তিক এই ফুটবল খেলখন ২৬ টা পৰিষদীয় সমষ্টিৰ মাজত প্ৰতিদ্বন্দিতা হ’ৱ ৷
অতি ৰোমাঞ্চকৰ শুভৰামভনি খেলখনত দুৱাৰ বাগৰি পৰিষদীয় সমষ্টিয়ে ১নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হবলৈ সক্ষম হয়৷উক্ত উদ্বোধনী খেলখনত অতিথি হিচাপে উপস্থিত থাকে ডিফুৰ লোকসভাৰ সাংসদ হৰেণ ছিং বে,কাৰ্বি স্বায়ত্ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য/ সদস্যা প্ৰমুখ্যে বহু গন্যমান্য ব্যক্তি ৷













