নিউজ ডেক্স:
দেশ এখনত যেতিয়াই অন্যায় অত্যাচাৰ অবিচাৰে গা কৰি উঠিলে ধৰ্মঘটৰ যোগেদি জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৰ্থাৎ ধৰ্মঘট প্ৰতিবাদৰ এক মাধ্যম ৷
কিন্তু উত্তৰ প্ৰদেশ চৰকাৰে অত্যাৱশ্যকীয় সেৱা নিয়ন্ত্ৰণ আইনৰ জৰিয়তে সকলো চৰকাৰী বিভাগত ধৰ্মঘট নিষিদ্ধ কৰিছে ৷
উত্তৰ প্ৰদেশৰ নিয়োগ আৰু পৰ্চ’নেল বিভাগৰ অতিৰিক্ত মুখ্য সচিব মুকুল সিংহলে বুধবাৰে এক নিৰ্দেশনাৰ যোগেৰে অহা ছমাহলৈ ৰাজ্যখনৰ চৰকাৰী বিভাগ সমূহৰ লগতে ক’ৰ্পৰেচন আৰু অন্য সংস্থা সমূহৰ ধৰ্মঘট নিষিদ্ধ কৰিছে ৷
বৃহস্পতিবাৰে ট্ৰেড ইউনিয়নৰ ৰাষ্ট্ৰযোৰা ধৰ্মঘটৰ পূৰ্বে এনে নিৰ্দেশ সেই ধৰ্মঘট ৰোধ কৰাৰ বাবেই দিয়া হৈছিল যে স্পষ্টতঃ চকুত পৰে ৷ অহা ছমাহলৈ ধৰ্মঘট নিষিদ্ধ কৰাৰ কাৰণো কোনো জনসাধাৰণৰপৰা কোনো বাধা প্ৰতিবাদ নোহোৱাকৈ চৰকাৰে নিজৰ মত সাব্যস্ত কৰিব পৰাৰ লক্ষ্য নেকি এয়া?











