ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কার্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত তথা কার্বি লাম্মেট আমেইৰ বকলীয়াঘাট শাখা আৰু তিৱা মাথনলাই তখ্রাৰ সহযােগত আজি বকলীয়াঘাটৰ যমুনা নদীৰ পাৰৰ নৈসর্গিকতাৰ মাজত এক স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
ত্রিভাষিক স্বৰচিত কবিতা পাঠৰ অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্রান্তৰ পৰা আহি ভালেসংখ্যক কবিয়ে অসমীয়া, কার্বি আৰু তিৱা ভাষাত কবিতা পাঠ কৰে।
নবীন-প্রবীন ভালেসংখ্যক কবিয়ে স্বৰচিত কবিতা পাঠ কৰা অনুষ্ঠানটোত হৰিমােহন জিগদুং, ভৱপ্রসাদ দেউৰী আৰু ধনছিং তেৰাঙে ক্রমে, অসমীয়া, তিৱা আৰু কার্বি ভাষাৰ কবিতাসমূহৰ পর্যালােচনা আগবঢ়ায়।













