নিউজ ডেক্স:
আজি দেওবাৰে পুৱাৰ ভাগত আফগানিস্থানত হোৱা এটা বোমা বিষ্ফোৰণত নিমিষতে ২৬ জন নিৰাপত্তাৰক্ষী নিহত হয় আৰু আন ১৭ জন খবৰ সংগ্ৰহ কৰাৰ পৰলৈকে আহত হয় ৷
আজি পুৱাৰ ভাগত আফগানিস্থান আৰ্মীৰ দপ্তৰ গজনীৰ সমীপতে এই বিষ্ফোৰণ সংঘটিত হয় ৷ উক্ত এলেকাত তালিবানৰ সৈতে প্ৰসাশনৰ সংঘৰ্ষ হোৱাটো নৈমিত্তিক ঘটনা যদিও আজিৰ ঘটনাক সমসাময়িক আন ঘটনাবোৰতকৈ অধিক ঘৃণনীয় বুলি অভিহিত কৰিছে আফগানিস্থান চৰকাৰে ৷
AFP-ৰ তথ্য অনুযায়ী কৰ্তব্যৰত অৱস্থাতে আটাইকেইজন নিৰাপত্তাৰক্ষী নিহত হয় ৷ জানিব পৰামতে বিষ্ফোৰক সামগ্ৰী ৰখা গাড়ীখন উক্ত এলেকাত পূৰ্বতে ৰাখি থৈছিল ঘাতকবাহিনীয়ে ৷











