ডিফু : কাজিৰ ৰংহাংপী সোঁৱৰণী টেলেণ্ট হাণ্ট চ’ছাইটিৰ সভাপতি গৌতম তেৰাংৰ বিৰুদ্ধে সাধাৰণ সম্পাদক মাৰচ’ন হাঞ্চে সহ সংগঠণটোৰ কেইবাগৰাকী বিষয়াই সংবাদমেল আয়োজন কৰি সংগঠনটোৰ সংবিধান উলঙ্ঘা কৰাৰ দৰে গুৰুত্বৰ অভিযোগ উৎত্থাপন কৰে।
তেওঁলোকে অভিযোগ কৰি কয়যে কোনো কাৰন দৰ্শোৱাৰ জাননী নিদিয়াকৈ তেৰাঙে একপক্ষীয় ভাৱে সিদ্ধান্ত লৈ যোৱা শনিবাৰে ২ সংবাদ মেল আয়োজন কৰি সম্পাদক মাৰচ’ন হাঞ্চে সহ কেইবাজনো কৰ্মকৰ্তাক বহিষ্কাৰ কৰি নতুন কমিটি গঠন কৰে বুলি ঘোষনা কৰে, তেৰাংৰ এই সিদ্ধান্তক একনায়ত্ববাদ তথা ধন হৰলুকিৰ দুৰ্নীতি কৰিবলৈ কৰা এটা ফন্দি বুলি অভিহিত কৰে আৰু তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।
বিগত সময়চোৱাতো মিছ কাৰ্বি আংলঙ বিউটি কনটেষ্টৰ নামত বিভিন্ন দুৰ্নীতি আগেও কৰা বুলি তেওঁলোকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে আৰু ভৱিষ্যতে এনে কামৰ দ্বাৰা সংগঠনটোৰ সন্মান লাঘৱ হোৱাৰ কোনো কাম নকৰিবলৈও গৌতম তেৰাঙক সকিয়াই দিয়ে সংগঠনটোৰ নেতৃবৃন্দই













