![]()
নিউজ ডেস্কঃ
অৱশেষত পৰাজয় স্বীকাৰ কৰাৰ দিশত ট্ৰাম্প। কিন্তু পৰাজয় স্বীকাৰ কৰিবলৈ ডোনাল্ড ট্রাম্পে জো বাইডেনক দিব চৰ্ত। বাইডেনৰ ওচৰত নিজৰ পৰাজয় স্বীকাৰ কৰিব এটি চর্তত। চৰ্ত হ’ল, ইলেক্টৰেল কলেজে চৰকাৰীভাবে ঘোষণা কৰিব লাগিব যে বাইডেনেই নির্বাচনত জয়ী হৈছে।
উল্লেখ্য, ৩ নৱেম্বৰত নিৰ্বাচন হৈছিল আমেৰিকাত। তাৰ পিছৰ পৰা সাংবাদিকদৰ মুখামুখী হোৱা নাই ট্রাম্প। টুইটাৰত ক্ষোভ উজাৰিছে। বাৰম্বাৰ দাবী কৰিছে, নিৰ্বাচনত জালিয়াতি হৈছে। বৃহস্পতিবাৰে প্রথমবাৰৰ বাবে সাংবাদিকৰ মুখামুখী হয় ট্ৰাম্প। তাত জনায় পৰাজয় স্বীকাৰৰ চর্ত। একমাত্র ইলেক্টৰেল কলেজ বাইডেনৰ জয় ঘোষণা কৰিলেই হোৱাইট হাউছ এৰিব তেওঁ।
আৰু যদি ইলেক্টৰেল কলেজে কয়, ‘যে ভুল হৈছে, তেতিয়াহ’লে পৰাজয় স্বীকাৰ কৰাটো খুব কঠিন হ’ব।’ তেওঁৰ মতে, ‘এতিয়াৰে পৰা ২০ জানুৱাৰী পর্যন্ত বহু কিবাকিবি হ’ব।’ এই স্বীকাৰোক্তিৰ পিছতো কিন্তু আক্ৰমণ কৰিবলৈ এৰা নাই ট্রাম্পে। তেওঁ কয়, ‘এই নির্বাচন সম্পূৰ্ণভাৱে জাল।’ আমেৰিকাৰ নিৰ্বাচনৰ আন্তঃগাঁথনি ‘তৃতীয় বিশ্বৰ দৰে’ বুলি ক’বলৈও নেৰে তেওঁ।
উল্লেখ্য, ১৪ ডিচেম্বৰত ইলেক্টৰেল কলেজৰ বৈঠক অনুষ্ঠিত হ’ব। সেইদিনাই চৰকাৰীভাবে ঘোষণা কৰা হ’ব আমেৰিকাৰ পৰৱর্তী ৰাষ্ট্ৰপতিৰ নাম।











