![]()
নিউজ ডেস্কঃ
২৬/১১ত মুম্বাইত সন্ত্রাসবাদীৰ আক্ৰমণৰ দ্বাদশ বর্ষপূর্তিৰ দিনাই জম্মু-কাশ্মীৰত আক্ৰমণ চলালে সন্ত্ৰাসবাদীয়ে। বৃহস্পতিবাৰে দুপৰীয়া ৰাজধানী শ্ৰীনগৰৰ উপকণ্ঠৰ এইচএমটি এলেকাত এই আক্ৰমণত দুজন সেনা জোৱানৰ মৃত্যু হৈছে।
শ্রীনগৰত মোতায়েন ভাৰতীয় সেনাৰ ১৫ নম্বৰ ক’ৰ সূত্রে জানিব পৰা মতে, উক্ত পথটোৰে সেনাৰ এটি কনভয় যোৱাৰ কথা আছিল। তাৰ আগতে ৰুটিন মাফিক এটি ‘ৰোড অপেনিং পার্টি’ গৈছিল এলেকাটো পৰিদর্শন কৰিবলৈ। সেই সময়ত হঠাৎ আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ এটি দলে। দুয়োপক্ষৰ গুলীয়াগুলীত গুৰুতৰভাৱে আহত হয় দুই জোৱান। সেনা হস্পিটেললৈ লৈ যোৱাৰ পিছত তেওঁলোকৰ মৃত্যু হয়।
ঘটনাৰ পিছতেই আৰক্ষী আৰু চিআৰপিএফৰ বিশেষ প্রশিক্ষণপ্রাপ্ত ‘স্পেচিয়েল অপাৰেচনেল গ্রুপ’ (এছওজি)ৰ যৌথ বাহিনীয়ে এলেকাটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, ‘‘সন্ত্ৰাসবাদী কেইটাৰ পলায়নৰ সম্ভাৱ্য পথবোৰৰ ওপৰত দৃষ্টি ৰখা হৈছে।’’











