ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কার্বি আংলং জিলা ন্যায়সেৱা প্রাধিকৰণৰ উদ্যোগত আজি ডিকুস্থিত ন্যায়িক আদালতত বিস্তৃত কার্যসূচীৰে সংবিধান দিবস পালন কৰা হয়। জিলা আৰু চেছন ন্যায়াধীশ আব্দুল হেকিমে ইংৰাজীত আৰু অতিৰিক্ত জিলা আৰু চেছন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াই অসমীয়াত ভাৰতীয় সংবিধানৰ প্রস্তাাৱনা পাঠ কৰা কাৰ্যত বাকী ন্যায়িক বিষয়া কৰ্মী সকলে অনুসৰণ কৰে ৷
অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছতে জিলা ন্যায়সেৱা প্রাধিকৰণৰ সম্পাদক নাগিব আহমেদে আদৰণি ভাষণ প্রদান কৰে। উক্ত সভাতে ডিফু আইন মহাবিদ্যালয়ব সৈতে হােৱা ৱেবিনাৰত ভাৰতীয় সংবিধান সম্পর্কীয় বিভিন্ন বিষয় আলােকপাত কৰি পর্যালােচনা কৰা হয়।













