![]()
নিউজ ডেস্কঃ
১ ডিচেম্বৰৰ পৰা বলৱৎ হোৱাকৈ কৰোনা বিধিৰ নতুন কেতবোৰ নির্দেশনা জাৰি কৰা হৈছে। ৰাজ্যসমূহক গৃহ মন্ত্ৰালয়ে কি কি নির্দেশ দিছে জানো আহক :
# কনটেইনমেন্ট জোনত কেৱল মাত্র জৰুৰী সেৱাৰ কামত ৰেহাই দিয়া হ’ব।
# কনটেইনমেন্ট জোনত ঘৰে ঘৰে গৈসমীক্ষা চলোৱা হ’ব, ক’ত কিমান আক্রান্ত হৈছে তাক চাবলৈ বিশেষ দল গঠন কৰিব লাগিব।
# কিছু কিছু কঠোৰ নিয়ম জাৰি কৰিব লাগিব যেনে – নৈশ কাৰ্ফিউ। অৱশ্যে কেন্দ্রীয় চৰকাৰৰ বাহিৰে কনটেইনমেন্ট জোনৰ বাহিৰে কোনো ধৰণৰ লকডাউনৰ ঘোষণা কৰিব নোৱাৰিব কোনো ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলে।
# কৰোনা সুৰক্ষা বিধি পালনৰ বাবে সচেতনতা সৃষ্টি কৰিবলৈ যাৱতীয় প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব ৰাজ্যসমূহে। কঠোৰভাবে মাস্ক পিন্ধা, সামাজিক দূৰত্ব বজায় ৰখাৰ দৰে বিষয়বোৰৰ ওপৰত নজৰ দিয়া হৈছে।
# জনসমাবেশত বা কর্মস্থলীত কোনোৱে মাস্ক নিপিন্ধিলে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰে। প্রয়োজনত জৰিমনাও ধার্য কৰিব পাৰিব।
# বজাৰ, হাট, গণ পৰিবহণৰ দৰে ভিৰ স্থানত সামাজিক দূত্ববিধি পালনৰ বাবে শীঘ্ৰেই এক বিশেষ নির্দেশনা জাৰি কৰা হ’ব।
# যিবোৰ চহৰত সাপ্তাহিক সংক্রমণৰ হাৰ ১০ শতাংশৰ বেছি, তাত অদল-বদল কৰি অফিচৰ সময় ৰাখিব লাগিব পাৰে। অর্থাৎ কেইজনমান কর্মচাৰীয়ে পুৱা নটাৰ পৰা বিয়লি পাঁচটা পর্যন্ত অফিচ কৰিব লাগিব হ’ব পাৰে। আনহাতে, কেইজনমানে দুপৰীয়া ১২টাৰ পৰা নিশা আঠটা পর্যন্ত অফিচ কৰিব লাগিব পাৰে।











