নিউজ ডেক্স:
‘লাভ জেহাদ’ সংক্রান্তীয় এক গোচৰত ঐতিহাসিক ৰায় দিল্লী হাইকোর্টৰ। ২০ বছৰীয়া এগৰাকী মহিলাক তেওঁৰ স্বামীৰ ওচৰত উভতাই দি আদালতে জনাইছে, এগৰাকী সাবালক মহিলা য’ত মন থাকিব পাৰে, যাৰ সৈতে ইচ্ছা থাকিব পাৰে। উল্লেখ্য, ভিন্ন ধর্মত বিয়া ৰুধিবলৈ আইন অনাৰ কথা ভাবিছে দেশৰ বিভিন্ন বিজেপি শাসিত ৰাজ্যবোৰে।
যাক লৈ ৰাষ্ট্ৰীয় স্তৰত সৃষ্টি হৈছে বিতর্ক। মঙ্গলবাৰে বিয়াৰ নামত ধর্মান্তৰকৰণৰ বিৰুদ্ধে অধ্যাদেশো জাৰি কৰিছে উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ চৰকাৰে। তেনে পৰিস্থিতিতেই দিল্লী হাইকোর্টৰ দুগৰাকী ন্যায়াধীশৰ খণ্ড বিচাৰপীঠৰ এই ৰায় যথেষ্ট তাৎপর্যপূর্ণ বুলিয়েই ভাবিছে ভূৰখা মহলে।
দিল্লী হাইকোর্টৰ ন্যায়াধীশ বিপিন সাংঘি আৰু ৰজনীশ ভাটনগৰে ২০ বছৰীয়া যুৱতী সুলেখাক উভতাই দিছে তেওঁৰ স্বামী বাবলুক। সুলেখাৰ পৰিয়ালৰ লোকসকলে আদালতত পিটিচন দাখিল কৰি জনাইছিল, সুলেখা নাবালিকা আৰু তেওঁক জোৰ কৰি অপহৰণ কৰা হৈছে।
কিন্তু ভিডিও কনফাৰেন্সত সুলেখাৰ সৈতে কথা পাতি ন্যায়াধীশ কেইগৰাকী নিশ্চিত হয়, সুলেখা যেতিয়া ঘৰৰ পৰা পলাইছিল তেতিয়া তেওঁ সাবালিকা। ইয়াৰ পিছতেই সুলেখাক তেওঁৰ স্বামীৰ ওচৰত ঘূৰাই দিয়াৰ বাবে আৰক্ষীক নির্দেশ দিয়ে আদালতে। লগতে সুলেখাৰ পৰিয়ালৰ লোকসকলক কাউন্সেলিং কৰোৱাৰ কথাও খণ্ড বিচাৰপীঠখনে আৰক্ষীক কয়।
উল্লেখ্য, এলাহাবাদ হাইকোর্টৰ ‘লাভ জেহাদ’ সংক্রান্তীয় গোচৰৰ পিছতেই এই ৰায় দিয়ে দিল্লী হাইকোৰ্টে। প্রিয়ঙ্কা খাৰৱাড় নামৰ এগৰাকী যুৱতীক যোৱা বছৰ বিয়া কৰাইছিল চালামত আনচাৰী নামৰ এজন ব্যক্তিয়ে। ইফালে চালামতৰ শহুৰৰ ঘৰৰ লোকসকলৰ অভিযোগ, ধর্ম পৰিৱর্তন কৰাই তেওঁলোকৰ ছোৱালীক বিয়া কৰাইছে চালামতে।
প্রিয়ঙ্কাৰ পৰিয়ালৰ অভিযোগ নাকচ কৰি এলাহাবাদ হাইকোৰ্টে জনাইছিল– কোন হিন্দু, কোন মুছলিম তাক লৈ আদালতৰ মূৰৰ কামোৰ নাই। বিষয়টোক এনেদৰে নাচাই দুজন প্রাপ্তবয়স্কৰ সম্পর্ক হিচাবেই চোৱা হৈছে। কোনে কাক জীৱনসঙ্গী হিচাবে বাছি ল’ব, সেয়া ব্যক্তি দুজনৰ মৌলিক অধিকাৰ।











