নিউজ ডেক্স:
বতৰ বিজ্ঞান বিভাগে ঘণ্টাত গতিবেগ ১৪৫ কিলোমিটাৰৰ আশেপাশে হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল যদিও শক্তি লোপ পাইছে নিভাৰৰ। তামিলনাডুৰ মাৰাক্কামত প্রথম প্ৰভাৱ পৰে এই ঘূর্ণিবতাহৰ। পুডুচেৰিৰ পৰা ৩০ কিলোমিটাৰ দূৰৈত। তেতিয়া নিশা আঢ়ৈটা।
ভাৰতত শক্তিৰ হিচাবত ঘূর্ণিবতাহক ক্রমান্বয়ে সাতভাগত ভাগ কৰা হয়। এই নিভাৰ পঞ্চম স্থানত আছে। শক্তি ক্ষয় হ’লেও প্রবল বৃষ্টিত বিপর্যস্ত তামিলনাডু আৰু পুডুচেৰি। কেৱল পুডুচেৰিতেই বিগত ২০ ঘণ্টাত ২০ চেণ্টিমিটাৰ বৰষুণ হৈছে। পানীত ডুবিছে তামিলনাডু আৰু পুডুচেৰিৰ বহুকেইখন জিলা। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, আগন্তুক কেইবা ঘণ্টা এনে ধৰণৰ প্রবল বতাহ-বৰষুণ হ’ব।
আগতীয়া সতৰ্কতা হিচাপে উপকূলৱর্তী এলেকাৰ পৰা দুই লাখ লোকক নিৰাপদ স্থানলৈ আঁতৰোৱা হৈছে। সকলোতকৈ বেছি ক্ষতিগ্রস্ত তামিলনাডুৰ কাড্ডালোৰ। তাৰ পৰা ৫০ হাজাৰ মানুহক ২৩৩টা চৰকাৰী আশ্ৰয় শিবিৰলৈ পঠোৱা হৈছে। আনহাতে, প্ৰাপ্ত তথ্য মতে, এতিয়ালৈকে এই ঘূৰ্ণিত ৩জন লোকে প্ৰাণ হেৰুৱাইছে৷











