![]()
নিউজ ডেস্কঃ
পূর্ব প্রস্তুতি অনুসৰিয়ে দিল্লী অভিমুখী কৃষকসকলৰ ওপৰত কন্দুৱা গেছ, পানীহিলৈ নিক্ষেপ কৰি বাধা দিয়াৰ চেষ্টা কৰে আৰক্ষী-চিআৰপিএফ জোৱানে। দিল্লীৰ সীমান্তত বদৰপুৰৰ ওচৰত কার্যত ৰণক্ষেত্রত পৰিণত হয় কৃষকসকলৰ ‘দিল্লী চলো’ অভিযানক কেন্দ্ৰ কৰি। আৰক্ষীলৈও ইটা-শিল নিক্ষেপ কৰে কৃষকসকলে। ৰাস্তাত দিয়া বেৰিকেড ভাঙি আগবঢ়াৰ চেষ্টা কৰে কৃষকসকলে। আৰক্ষীৰ গাড়ীতো আক্ৰমণ চলাই ভাঙি চূড়মাৰ কৰে। গ্রেপ্তাৰ কৰা হৈছে ‘স্বৰাজ ইণ্ডিয়া’ৰ প্রধান যোগেন্দ্র যাদৱক। ইফালে এই ঘটনাত মোদী চৰকাৰক তীব্র আক্রমণ কৰিছে কংগ্রেছ সাংসদ ৰাহুল গান্ধীয়ে।

উল্লেখ্য, আজি কৃষক-শ্ৰমিকবিৰোধী আইনৰ প্ৰতিবাদত দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছিল শ্ৰমিক-কৰ্মচাৰীৰ সন্মিলিত মঞ্চই৷ হাৰিয়ানা-দিল্লী সীমান্তৰ বদৰপুৰৰ দলঙৰ ওপৰত কৃষকসকলক ৰুধিবলৈ পূৰ্বৰ পৰাই বিপুল পৰিমাণৰ আৰক্ষী-নিৰাপত্তাৰক্ষী মোতায়েন কৰি একপ্ৰকাৰ দুৰ্গলৈ ৰূপান্তৰ কৰা হৈছিল৷ কিন্তু কৃষকসকলক আগুৱাবলৈ বাধা আৰক্ষী-প্রশাসনে বাধা দিওঁতেই আৰম্ভ হয় টনা-আঁজোৰা, হতাহতি। খণ্ডযুদ্ধৰ সৃষ্টি হয় সমগ্ৰ এলেকাটোত। প্রায় দুঘণ্টা এই পৰিস্থিতি চলাৰ পিছত পৰিস্থিতি কিছু নিয়ন্ত্রণলৈ আহে।











