নিউজ ডেক্স:
ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাদোনা নাই৷ হৃদৰোগত আক্ৰান্ত হৈ আৰ্জেণ্টিনাৰ ফুটবলাৰজনৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ৷ বিশ্বৰ সৰ্বকালৰ অন্যতম ফুটবলাৰজনৰ মৃত্যুত বিশ্বৰ ফুটবলপ্ৰেমীসকলৰ মাজত শোকৰ ছাঁ পৰিছে৷
উল্লেখ্য যে ৩০ অক্টোবৰত জন্মদিন পালনৰ পাছৰ পৰা তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে নৱেম্বৰৰ আৰম্ভণিতে চিকিৎসালয়ত ভৰ্ত্তি হৈছিল৷ মস্তিষ্কত ৰক্ত জমা হোৱাত গুৰুতৰ সমস্যাই দেখা দিছিল৷ অৱশ্যে অস্ত্ৰোপচাৰ সফলভাৱে হৈছিল৷
লাহে লাহে তেওঁ সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল৷ অৱশেষত বুধবাৰে নিজৰ ঘৰতে হৃদৰোগত আক্ৰান্ত হৈ তেওঁ শেষ নিশ্বাস পেলায়৷











