নিউজ ডেক্স:
কেইটামান প্রহৰৰ ভিতৰতেই উপকূল ৰাজ্যসমূহত আহি পাবহি নিভাৰ চাইক্ল’ন। আজি ৰাতিৰ পৰাই আহিব বুলি অনুমান কৰা হৈছে ভাৰতৰ বহু কেইখন ৰাজ্যৰ উপকূল অঞ্চলতএই ঘূৰ্ণি বতাহ ৷ আশংকা ত্ৰস্তমান হৈছে পণ্ডিচেৰী আৰু তামিলনাডু বাসী ।
পৰিৱেশ নিয়ন্ত্ৰণ বিভাগৰপৰা প্রাপ্ত তথ্য অনুসৰি, গতিবেগ হ’ব পাৰে ১২০-১৩০ ৰপৰা ১৪৫ কিলোমিটাৰ পর্যন্ত। ক্ষয়ক্ষতি ৰোধ কৰিবলৈ সকলো ধৰণৰ প্রস্তুতি কৰিছে প্রশাসনে ৷
ঘূর্ণিবতাহ যি ধৰণেৰে ভয়ংকৰ হৈ আগবাঢ়িছে তালৈ লক্ষ্য ৰাখি আগতীয়া সতর্কতা লোৱা হৈছে। বাতিল কৰা হৈছে একাধিক বিমান। বুধবাৰে ৪৯খন বিমান বাতিল কৰা হৈছে।
আনহাতে, তামিলনাডু, পণ্ডিচেৰী আৰু অন্ধ্র প্রদেশৰ উপকূলীয় অঞ্চলত ঘূর্ণিবতাহৰ সতর্কতাৰ বাবে দক্ষিণমুৱা বহু কেইখন ট্ৰেইন বাতিল কৰা হৈছে। ৰেল কৰ্তৃপক্ষৰ পৰা প্রাপ্ত তথ্য অনুসৰি, ২৫ নৱেম্বৰত ২৪ খন ট্রেইন সম্পূর্ণ বাতিল কৰা হৈছে। তাৰ বাহিৰে কিছু সংখ্যক ট্রেইন আংশিক ভাৱে চলিব। ৰেল কৰ্তৃপক্ষই জনাইছে, সম্পূৰ্ণ বাতিল ট্ৰেইনসমূহৰ টিকটৰ টকা যাত্রীসকলক ঘুৰাই দিয়া হ’ব। সেইদৰে , আংশিক বাতিল ট্রেইনসমূহত টিকট বুকিঙৰ মূল্য ঘুৰাই দিয়া হ’ব।
১৪৪ ধাৰা জাৰি কৰা হৈছে পণ্ডিচেৰী । আজি ৰাতিৰপৰাই এই ধাৰা জাৰি কৰা হৈছে ৷ ৰাতি ৯বজাৰপৰা ৰাতিপুৱা ৬ বজালৈকে জাৰি থাকিব ধাৰা ১৪৪। এই সময়চোৱাত সমগ্ৰ দোকান-বজাৰ বন্ধ থাকিব। কেৱল গাখীৰৰ দোকান, পেট্র’ল পাম্প খোলাৰ অনুমতি দিয়া হৈছে ।
দক্ষিণৰ এই দুখন ৰাজ্যৰ ঘূর্ণিবতাহৰ পৰিস্থিতি সম্পর্কে অৱগত হৈ মঙ্গলবাৰে দুপৰীয়া তামিলনাডু আৰু পণ্ডিচেৰীৰ মুখ্যমন্ত্রী দুজনৰ সৈতে কথা হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । ইয়াৰ উপৰিও কেন্দ্রৰপৰা সকলো প্ৰয়োজনীয় সহায় কৰাৰ আশ্বাসো দিছে মোদীয়ে ৷











